thumbnail

By

Published : Apr 29, 2023, 4:49 PM IST

ETV Bharat / Videos

Child marriage at Mariani: মৰিয়নিত বাল্যবিবাহৰ বলি হোৱা কিশোৰীক উদ্ধাৰ

যোৰহাট, ২৯ এপ্ৰিল: বাল্যবিবাহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিচতো একাংশই চৰকাৰ কঠোৰ ব্যৱস্থাক ভেঙুচালি কৰি পুনৰ লিপ্ত হৈছে বাল্যবিবাহৰ দৰে ঘটনা সৈতে (Crackdown on Child marriage) । ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনাই মৰিয়নিত পোহৰলৈ আহিছে এই বাল্য বিবাহৰ ঘটনা ৷ মৰিয়নিৰ নগাধুলি বিজয়পুৰ নামৰ স্থানত সংঘটিত হৈছে বাল্যবিবাহ (Child marriage victim rescued) ।  

ঘটনা বিৱৰণি অনুসৰি যোৰহাট জিলাৰ মৰিয়নি থানাৰ অন্তৰ্গত নগাধুলিৰ বিজয়পুৰৰ দীপন দাস নামৰ যুৱকজনে গোলাঘাটৰ ৩ নং লক্ষীপুৰৰ পৰা এগৰাকী ১৭ বছৰীয়া কিশোৰীক কৌশলেৰে বিয়া পাতি নিজ ঘৰত আনি ৰখা কথা গোপন তথ্য ভিত্তিত যোৰহাটৰ CWC চেন্টাৰৰ দল অৱগত হয় । তৎপৰতাৰে মৰিয়নি আৰক্ষীৰ সহায়ত কিশোৰীগৰাকীক নগাধুলিৰ বিজয়পুৰৰ পৰা উদ্ধাৰ কৰি যোৰহাট স্থিত CWC চেন্টাৰলৈ লৈ যায় (Child marriage in Mariani) ৷ তাতেই কিশোৰীগৰাকীক ৰখা কথা জানিবলৈ দিয়ে CWC বিষয়ববীয়াই ।

আনহাতে কিশোৰীগৰাকী সৈতে আইন বৰ্হিভূতভাৱে বিবাহত লিপ্ত হোৱা যুৱকজনৰ বৰ্তমান পলাতক হৈ আছে বুলি জানিব পৰাৰ গৈছে (Child marriage in Assam) । গোলাঘাটস্থিত কিশোৰীৰগৰাকীৰ পৰিয়ালক ঘটনা সম্পকে অৱগত কৰে CWC বিষয়ববীয়াই আৰু এতিয়ালকৈ কিশোৰীগৰাকী পৰিয়ালে যুৱকজন বিৰুদ্ধে কোনো ধৰণ গোচৰ ৰজু কৰাৰ নাই । 

লগতে পঢ়ক: Protest in Nalbari : নলবাৰীত ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ কবিতা লিখি প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.