নগাঁও,৩ অক্টোবৰ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এটাৰ পিছত আন এটা মূল সমস্যা ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰিলে অসমৰ যুৱক হীৰকজ্যোতি বৰাই । শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ বিশেষ অধিৱেশনত অসম চুক্তি ৰূপায়ণ আৰু অসমৰ বিদেশী সমস্যাৰ প্ৰসংগ উত্থাপন কৰি চৰ্চালৈ অহা অসমৰ হীৰকজ্যোতি বৰাই এইবাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও সমস্যাৰ বিষয়ে উত্থাপন কৰে । লগতে উত্থাপন কৰে ভাৰতত নাৰীৰ নিৰাপত্তাহীনতাৰ দিশটোও ৷
ৰাষ্ট্রসংঘত নাৰীৰ নিৰাপত্তা প্ৰসংগ :
যোৱা ১১ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত বৃহস্পতিবাৰে উত্থাপন হয় ভাৰতৰ নাৰীৰ নিৰাপত্তাৰ প্ৰসংগ । ভাৰতৰ প্ৰতিনিধি হিচাপে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত অংশগ্ৰহণ কৰা অসমৰ হীৰকজ্যোতি বৰাই উত্থাপন কৰে দেশৰ নাৰীৰ সুৰক্ষাৰ প্ৰসংগ । পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যা, ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডৰ প্ৰসংগ উল্লেখ কৰি মহিলা তথা নাৰীৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে অসমৰ হীৰকজ্যোতি বৰাই ।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা :
নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উত্থাপন হোৱাৰ পাছৰে পৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক তথা পৰৱৰ্তী সময়ত আইনলৈ পৰিণত হোৱা নাগৰিকত্ব সংশোধনী আইনক জাতিধ্বংসী আখ্যা দি অসমৰ দল-সংগঠনে তীব্ৰ বিৰোধিতা কৰি আহিছে । কিন্তু অসমৰ দল-সংগঠনৰ বিৰোধিতাকো আওকাণ কৰি বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন আইনলৈ পৰিণত কৰাই নহয়, অৱশেষত কাৰ্যকৰীও কৰিলে । নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাৰ পাছতো অসমৰ দল-সংগঠনে ইয়াৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে । তেনে সময়তে এই বিষয়টোয়ে স্থান লাভ কৰিছে ৰাষ্ট্ৰসংঘৰ মজিয়াত ।
চলি থকা ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে অসমৰ যুৱক হীৰকজ্যোতি বৰাই । নাগৰিকত্ব সংশোধনী আইনে ১৯৮৫ চনৰ অসম চুক্তিক নস্যাৎ কৰা বুলিও উল্লেখ কৰে হীৰকজ্যোতি বৰাই । যাৰ বাবে ইতিমধ্যে কাৰ্যকৰী কৰা নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত দাবী উত্থাপন কৰে অসমৰ যুৱকজনে ।
উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবী :
উত্তৰ-পূৰ্বাঞ্চলত কাৰ্যকৰী হৈ থকা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ প্ৰত্যাহাৰৰ বিষয়টোও ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত উত্থাপন কৰে অসম তথা ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা হীৰকজ্যোতি বৰাই । উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰিবলৈ বিভিন্ন সময়ত দাবী উত্থাপন হৈ অহাৰ পাছতো উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা নাই এই আইন ।
উল্লেখ্য যে, সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবীত মণিপুৰৰ ইৰম চানু শৰ্মিলা নামৰ এগৰাকী মানৱ অধিকাৰ কৰ্মীয়ে ২০০০ চনৰ ২ নৱেম্বৰৰ পৰা ১৬ বছৰীয়া অনশন কৰি লৌহ মানৱী হিচাপে স্বীকৃতি লাভ কৰিছিল । কিছুদিন পূৰ্বে অসমৰ বিদেশী সমস্যা আৰু অসম চুক্তি ৰূপায়ণ সন্দৰ্ভতো ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত উত্থাপন কৰাৰ পাছত মঙলবাৰে অনুষ্ঠিত হোৱা পৰিষদৰ অধিৱেশনত নাগৰিকত্ব সংশোধনী আইন আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে অসমৰ হীৰকজ্যোতি বৰাই ।
উল্লেখ্য যে নগাঁৱৰ ধিঙত জন্মগ্ৰহণ কৰা হীৰকজ্যোতি বৰাই পৰৱৰ্তী সময়ত গুৱাহাটীৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি জড়িত হৈ পৰে সমাজসেৱাত ।