ETV Bharat / state

সমজিলা : ইয়াৰ বৈশিষ্ট্য আৰু নাগৰিকে লাভ কৰিবলগীয়া সেৱাসমূহ - Equal District in Assam - EQUAL DISTRICT IN ASSAM

Himanta Biswa Sarma: ৪ আৰু ৫ অক্টোবৰত ৰাজ্যত উদ্বোধন হ'ব ৩৯ খন সমজিলা । নতুন কাৰ্যালয়ৰ যোগেদি আৰম্ভ হ'ব সমজিলাৰ কাম-কাজ । সমজিলাৰ ধাৰণাৰে প্ৰশাসনীয় সংস্কাৰক নতুন গতি দিয়া দেশৰ প্ৰথম ৰাজ্য হিচাপে চিহ্নিত হ'ব অসম ।

Sub district and Its features and services to be availed by the public
সমজিলা : ইয়াৰ বৈশিষ্ট্য আৰু নাগৰিকে লাভ কৰিবলগীয়া সেৱাসমূহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2024, 4:05 PM IST

গুৱাহাটী,৩ অক্টোবৰ: সমজিলা গঠনেৰে প্ৰশাসনীয় সংস্কাৰক নতুন গতি দিয়া দেশৰ প্ৰথম ৰাজ্য হিচাপে চিহ্নিত হ'ব অসম । অহা ৪ আৰু ৫ অক্টোবৰত প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৩৯ টা বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব সমজিলা। নতুন কাৰ্যালয়ৰ যোগেদি আৰম্ভ হ'ব সমজিলাৰ কাম-কাজ । এককথাত প্ৰশাসনীয় সংস্কাৰৰ ক্ষেত্রত সমজিলাৰ যোগেদি অসমে আন এক গতি লাভ কৰিব । ইয়াৰ দ্বাৰা লাভবান হ'ব ৰাজ্যখনৰ জনতা । একোজন এ ডি চি পৰ্যায়ৰ বিষয়াই সমজিলাৰ আয়ুক্ত হিচাপে দায়িত্ব পালন কৰিব । ৪ আৰু ৫ অক্টোবৰত মন্ত্রীসকলে ৩৯ খন সমজিলা উদ্বোধন কৰিব ।

সমজিলাৰ বৈশিষ্ট্যসমূহ:

১. জিলাৰ ভিতৰতে এক ক্ষুদ্ৰ প্ৰশাসনিক গোট হৈছে সমজিলা

২. নাগৰিকলৈ যথাসময়ত অত্যাৱশ্যকীয় চৰকাৰী সেৱা প্ৰদানৰ এটা দৃঢ় প্ৰচেষ্টা

৩. প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ দিশত সমজিলা গঠন এক উল্লেখনীয় পদক্ষেপ

৪. নাগৰিকৰ বাবে সুচল চৰকাৰী সেৱাৰ এক উৎকৃষ্ট পদক্ষেপ

সমজিলাৰ গুৰুত্বপূৰ্ণ সেৱাসমূহ:

  • ভূমি ৰাজহ সম্পৰ্কীয় সেৱা -

১. নিকট-আত্মীয়তাৰ প্রমাণ-পত্র, জাতিগত প্ৰমাণ-পত্র, এন চি এল, স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ আদি প্ৰদান

২. ভূমি বিক্ৰীৰ অনুমতি আৰু অন্যান্য সেৱা

৩. লাটমণ্ডলৰ বদলীকৰণ বা কৰ্তব্যস্থান নির্বাচন

৪. গাঁওপ্ৰধান তথা মৌজাদাৰৰ নিযুক্তি

  • উন্নয়ন আৰু জনকল্যানমূলক আঁচনিৰ ৰূপায়ণ -

১. অৰুণোদয় আঁচনি, বিধানসভাৰ স্থানীয় এলেকা উন্নয়নমূলক পুঁজি আৰু সাংসদৰ স্থানীয় এলেকাৰ পুঁজিৰ কাম-কাজ

২. অংগনৱাড়ী কেন্দ্র, বিদ্যালয়, উপ-কেন্দ্ৰ, চৰকাৰী চিকিৎসালয়, খোৱাপানীৰ আঁচনি, স্বচ্ছ ভাৰত মিছন আদিলৈ সহায়তা

৩. উন্নয়নমূলক কামকাজত পঞ্চায়ত, ব্লক, নগৰ সমিতি, পৌৰ নিগমলৈ সহায়তা

৪. সকলো উন্নয়নমূলক কামৰ নিৰীক্ষণ

  • প্ৰশাসনিক ক্ষমতা -

১. সমজিলাৰ অন্তৰ্গত সকলো চৰকাৰী বিভাগৰ ওপৰত প্ৰশাসনিক কৰ্তৃত্ব

  • দণ্ডাধিকাৰীয় ক্ষমতা -

১. অনুষ্ঠান, সমাৰোহ, মেলা আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনুমতি প্ৰদান

২. প্ৰয়োজন অনুসাৰে ফৌজদাৰী বিধি আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কাৰ্যবাহী দণ্ডাধীশৰ ক্ষমতা

  • খাদ্য আৰু অসামৰিক যোগান -

১. ৰেচন কাৰ্ড প্ৰদান, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল, কেৰাচিন তেলৰ আবণ্টন

২. সুলভ মূল্যৰ দোকান আৰু গাঁও পঞ্চায়ত সমবায় সমিতিৰ অনুজ্ঞা-পত্র প্ৰদান

৩. মধ্যাহ্ন ভোজনৰ খাদ্য সামগ্ৰী সংগ্ৰহ

  • আবকাৰী ক্ষমতা -

১. অবৈধ সুৰা বিৰোধী ব্যৱস্থা

২. ভাৰতত নিৰ্মিত বিদেশী সুৰাৰ খুচুৰা বিক্ৰীৰ অনুমতি

৩. অস্থায়ী বাৰ লাইচেঞ্চ প্ৰদান

  • পঞ্চায়ত আৰু গ্ৰামোন্নয়ন -

১. এম জি এনৰেগা, পি এম এ ৱাই (জি), এন এছ এ পি. এ এছ আৰ এল এম ইত্যাদি আঁচনি ৰূপায়ণ

  • দুৰ্যোগ ব্যৱস্থাপনা -

১. বান সাহায্য, প্রাকৃতিক দুর্যোগৰ সময়ত পুনৰ সংস্থাপনৰ বাবে অনুদান আৰু সহায়তা প্ৰদান

২.প্ৰাকৃতিক দুৰ্যোগ আৰু অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালৈ ক্ষতিপূৰণ দিয়া

৩. দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনা প্ৰস্তুতকৰণ, এছ ডি আৰ এফৰ প্ৰস্তাৱক অনুমোদন দিয়া আৰু দুৰ্যোগৰ সময়ত প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰা

৪ অক্টোবৰত ১৪ খন জিলাত উদঘাটন কৰা হ'ব ২১খন সমজিলা ।

কোন মন্ত্রীয়ে কোন সমজিলা মুকলি কৰিব:

১. ধুবুৰী জিলাৰ গোৱালপাৰা আৰু গোলকগঞ্জ সমজিলাৰ কাৰ্যালয় মুকলি কৰিব মন্ত্রী ৰণজিৎ কুমাৰ দাসে

২. গোৱালপাৰা জিলাৰ পশ্চিম গোৱালপাৰ সমজিলা মুকলি কৰিব মন্ত্রী ইউ জি ব্ৰক্ষ্মই

৩. কামৰূপ জিলাৰ ৰঙিয়া সমজিলাৰ মুকলি অনুষ্ঠানত থাকিব মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী

৪. নগাঁও জিলাৰ কলিয়াবৰ আৰু ছিপাঝাৰ সমজিলা উদঘাটন কৰিব মন্ত্রী কেশৱ মহন্তই

৫. দৰঙৰ দলগাঁও সমজিলা উদঘাটন কৰিব মন্ত্রী অশোক সিংহলে

৬. শোণিতপুৰ জিলাৰ নদুৱাৰ সমজিলা উদঘাটন কৰিব মন্ত্রী পীযুষ হাজৰীকাই

৭. বিশ্বনাথ জিলাৰ বিহালী সমজিলা মন্ত্রী পীযুষ হাজৰীকাই আৰু গহপুৰ সমজিলা মন্ত্রী নন্দিতা গাৰ্লোচাই উদঘাটন কৰিব

৮. লখিমপুৰ জিলাৰ ঢকুৱাখনা সমজিলা উদঘাটন কৰিব মন্ত্রী ডাঃ ৰণোজ পেগুৱে

৯. ধেমাজিৰ জোনাই সমজিলা উদঘাটন কৰিব মন্ত্রী যোগেন মহনে

১০. তিনিচুকীয়াৰ মাৰ্ঘেৰিটা আৰু শদিয়া সমজিলা উদঘাটন কৰিব মন্ত্রী বিমল বড়াই

১১. ডিব্ৰুগড়ৰ খোৱাং সমজিলা উদঘাটন কৰিব মন্ত্রী যোগেন মহনে

১২. যোৰহাটৰ তিতাবৰ সমজিলা উদঘাটন কৰিব মন্ত্রী অজন্তা নেওগে আৰু দেৰগাঁও সমজিলা উদঘাটন কৰিব মন্ত্রী সঞ্জয় কিশানে

১৩. গোলাঘাটৰ সৰুপথাৰ সমজিলা মন্ত্রী সঞ্জয় কিষাণে আৰু বোকাখাট সমজিলা মন্ত্রী অতুল বৰাই উদঘাটন কৰিব

১৪. কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰ সমজিলা উদঘাটন কৰিব মন্ত্রী জয়ন্তমল্ল বৰুৱাই

৫ অক্টোবৰত ১১ খন জিলাত উদঘাটন কৰা হ'ব ১৮ খন সমজিলা :

১. কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী সমজিলা উদঘাটন কৰিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । আনহাতে জিলাখনৰ নতুন গুৱাহাটী আৰু দিছপুৰ সমজিলা মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে আৰু ডিমৰীয়া সমজিলা মন্ত্রী ‍অতুল বৰাই উদঘাটন কৰিব

২. বঙাইগাঁৱৰ অভয়াপুৰী সমজিলা উদঘাটন কৰিব মন্ত্রী ৰণজিৎ কুমাৰ দাসে

৩. নগাঁৱৰ ৰহা সমজিলা উদঘাটন কৰিব মন্ত্রী অজন্তা নেওগে

৪. হোজাইৰ লামডিং সমজিলা উদঘাটন কৰিব মন্ত্রী নন্দিতা গাৰ্লোচাই

৫. মৰিগাঁৱৰ লাহৰিঘাট সমজিলা মন্ত্রী কেশৱ মহন্তই আৰু জাগীৰোড সমজিলা মন্ত্রী পীযুষ হাজৰীকাই উদঘাটন কৰিব

৬. শোণিতপুৰৰ ঢেকিয়াজুলী সমজিলা উদঘাটন কৰিব মন্ত্রী অশোক সিংহলে

৭. তিনিচুকীয়াৰ ডুমডুমা সমজিলা মন্ত্রী সঞ্জয় কিষাণে আৰু নাহৰকটীয়া সমজিলা মন্ত্রী যোগেন মহনে উদঘাটন কৰিব

৮. ডিব্ৰুগড়ৰ দুলীয়াজান আৰু টিংখং সমজিলা উদঘাটন কৰিব মন্ত্রী বিমল বড়াই

৯. শিৱসাগৰ জিলাৰ নাজিৰা আৰু ডিমৌ সমজিলা মন্ত্রী ডাঃ ৰণোজ পেগুৱে উদঘাটন কৰিব

১০. চৰাইদেউৰ মাহমৰা সমজিলা উদঘাটন কৰিব মন্ত্রী যোগেন মহনে

১১. কাছাৰৰ লক্ষীপুৰ সমজিলা উদঘাটন কৰিব মন্ত্রী জয়ন্ত মল্লবৰুৱাই

লগতে পঢ়ক: অসমৰ ৩৯ টা বিধানসভা সমষ্টিত ৪-৫ অক্টোবৰত গঠিত হ'ব সমজিলা : মুখ্যমন্ত্রী - Equal District in Assam

ব্যক্তিগত কাৰণত ওড়িশাৰ ৰাজ্যপালক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ ! - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.