ETV Bharat / sports

বিৰাট-ৰোহিতক বিশেষ উপহাৰ বাংলাদেশী ক্ৰিকেটাৰৰ; বঙালীতে ধন্যবাদ কোহলীৰ - MEHDI HASAN GIFT TO VIRAT KOHLI

author img

By ETV Bharat Sports Team

Published : 2 hours ago

Ind vs ban test series: ক্ৰিকেটপ্ৰেমী আৰু অনুৰাগীসকলৰ উপৰিও বিৰাট কোহলীৰ জনপ্ৰিয়তা অব্যাহত আছে আন আন দেশৰ ক্ৰিকেটাৰসকলৰ মাজতো ৷ যাৰ বাবে প্ৰায়ে তেওঁক আন দেশৰ ক্ৰিকেটাৰসকলে আগবঢ়াই আহিছে বিভিন্ন ধৰণৰ উপহাৰ ৷ শেহতীয়াকৈ কোহলীক এখন বেট উপহাৰ হিচাপে প্ৰদান কৰে বাংলাদেশৰ ক্ৰিকেটাৰ মেহদী হাছানে ৷ পঢ়ক বিতং খবৰ...

MEHDI HASAN GIFT TO VIRAT KOHLI
ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী (AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 3 অক্টোবৰ: ক্ৰিকেট খেলপথাৰৰ সমান্তৰালকৈ খেলপথাৰৰ বাহিৰতো সমানে জনপ্ৰিয় টীম ইণ্ডিয়াৰ এগৰাকী ক্ৰিকেটাৰ হৈছে বিৰাট কোহলী ৷ বিশেষকৈ উদাৰ আচৰণৰ বাবে সতীৰ্থ তথা আন আন দেশৰ ক্ৰিকেটাৰৰ মাজতো সমানে জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰগৰাকী ৷ কানপুৰ টেষ্টৰ সামৰণিৰ পিছত বিৰাট কোহলীয়ে বাংলাদেশৰ ক্ৰিকেটাৰ মেহিদী হাছানৰ তৰফৰ পৰা লাভ কৰে এক বিশেষ উপহাৰ ৷

বাংলাদেশী ক্ৰিকেটাৰগৰাকীয়ে বিৰাট কোহলীক উপহাৰ দিয়ে এখন বেট ৷ প্ৰত্যুত্তৰত বিৰাটেও বঙালীত ভাষাতে প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া ৷ যি দৃশ্যই কানপুৰৰ গ্ৰীণপাৰ্ক ষ্টেডিয়ামত উপস্থিত থকা দৰ্শকসকলক মুগ্ধ কৰিছিল ৷

উপহাৰটো গ্ৰহণ কৰি কোহলীয়ে হাঁহি হাঁহি বঙালীতে কৈছিল, "খুব ভালো আচ্ছি (এইখন বৰ ভাল) । তেওঁ 26 বছৰীয়া মিৰাজে উপহাৰ দিয়া বেটখনৰ কথা উল্লেখ কৰিছিল, যিটো তেওঁৰ কোম্পানীটোৱে প্ৰস্তুত কৰিছিল" ।

মিৰাজে তেওঁৰ কোম্পানীৰ আন এখন বেট ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাকো উপহাৰ দিয়ে । মিৰাজে তেওঁৰ কেইজনমান বন্ধুৰ সৈতে লগলাগি নিজাববীয়াকৈ বেট প্ৰস্তুত কৰা এটা কোম্পানী আৰম্ভ কৰিছিল । ভাৰতে শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে 2-0 ব্যৱধানত জয় কৰিছে টেষ্ট শৃংখলা ৷ এই শৃংখলা জয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) ত অটুট ৰাখিছে দলটোৰ শীৰ্ষস্থান ৷

কানপুৰ টেষ্টত বৰষুণে যথেষ্ঠ পৰিমাণে বিধি-পথালি দিলেও চতুৰ্থ আৰু পঞ্চম দিনৰ খেলৰ অন্তত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ কৰিবলৈ সক্ষম হয় ৷

পৰৱৰ্তী সময়ত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে বাংলাদেশৰ বিৰুদ্ধে তিনিখন মেচৰ টি-20 শৃংখলাত অংশগ্ৰহণ কৰিব ৷ ইতিমধ্যে ৰোহিত আৰু কোহলীয়ে ক্ৰিকেটৰ চুটি ফৰ্মেটৰ পৰা অৱসৰ লৈছে ৷ সেয়েহে তেওঁলোকে সাময়িক বিৰতিৰ পিছত নিউজিলেণ্ডৰ বিৰুদ্ধে ৰঙা বলৰ শৃংখলালৈ উভতিব । বছৰৰ শেষৰ সময়ত ভাৰতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ।

লগতে পঢ়ক: কানপুৰ টেষ্টত বাংলাদেশক ৭ উইকেটত পৰাস্ত ভাৰতৰ - IND vs Bangladesh Test

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.