মঙলদৈ, ৩ অক্টোবৰ: সোমবাৰে ধনমণিৰ বিয়া ৷ ঘৰত উখল-মাখল পৰিবেশ, বিবাহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ ৷ সাজু বিবাহ ভৱন, ১২ বছৰীয়া প্ৰেমক স্বীকৃতি দিবলৈ সাজু হৈছিল ধনমণি ৷ কিন্তু বিয়ালৈ মাজত মাত্ৰ পাঁচদিন বাকী থকা সময়তে আহিল বুকু মুচৰি নিয়া খবৰটো ৷ ধনমণি গুৱাহাটীলৈ গৈছিল নিজৰ বিয়াৰ বাবে আত্মীয়ক নিমন্ত্ৰণ দিবলৈ । বিয়াৰ নিমন্ত্ৰণ দি বিয়লিলৈ ঘৰত উপস্থিত হোৱাৰ কথা আছিল ধনমণিৰ ৷ কিন্তু ধনমণি ঘৰ আহি নাপালেহি ৷ পৰিৱৰ্তে আহিল বুকু মুচৰি নিয়া খবৰটো ৷ ধনমণি নাই ৷ কামাখ্যা ৰে‘লৱে ষ্টেচনৰ সমীপত উদ্ধাৰ ধনমণিৰ মৃতদেহ ।
মঙলদৈৰ নিকটৱৰ্তী ১ নং গেৰিমাৰীৰ বাসিন্দা ধনমণি ভট্ট মেডিকেল কোম্পানীত BDM হিচাপে কৰ্মৰত ৷ দীৰ্ঘদিনৰ প্ৰেমৰ অন্তত দুয়োখনৰ ঘৰৰ সহমতত ৭ অক্টোবৰত নলবাৰীৰ বাসিন্দা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মৰত প্ৰেয়সীৰে সম্পৰ্কক আনুষ্ঠানিকতা দিবলৈ সাজু হৈছিল ধনমণি ৷ ইয়াৰ বাবে ঘৰত ৰভা দিয়াকে ধৰি বজাৰ-সমাৰ সম্পূৰ্ণ ঠিক কৰা হৈছিল । কিন্তু ইয়াৰ মাজতে অহা এই খবৰটোৱে পিতৃহীন ধনমণিৰ ঘৰত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে, মুক হৈ পৰিছে সকলো ৷ ধনমণিৰ মাতৃ, ভাতৃ আৰু আত্মীয় স্বজনৰ মূৰত ভাঙি পৰিছে সৰগ ।
ইফালে এই খবৰ লাভ কৰাৰ পাছত ধনমণিৰ নলবাৰীৰ প্ৰেয়সীৰ ঘৰতো শোকাকুল পৰিবেশে বিৰাজ কৰিছে ৷ ধনমণিৰ মৃত্যুৰ খবৰ সহজভাৱে ল’ব পৰা তেওঁৰ প্ৰেয়সীয়ে ৷ আচলতে কি হৈছিল ধনমণিৰ লগত ! এয়া হত্যা নে আত্মহত্যা ৷ ধনমণিৰ পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাৰ আঁৰত কোনো ৰহস্য থকাৰ সন্দেহ কৰিছে ৷ সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৰখা হৈছে ধনমণিৰ মৃতদেহ ৷ এতিয়া মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰু আৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে ।