thumbnail

Child abused by old man: লজ্জাজনক! ডিব্ৰুগড় লাহোৱালৰ মোহনবাৰীত শিশু নিৰ্যাতনৰ ঘটনা

By

Published : Jul 5, 2023, 4:33 PM IST

ডিব্ৰুগড়, 5 জুলাই : ডিব্ৰুগড়ৰ লাহোৱালত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা । এটি ৯ বছৰীয়া কণমানি শিশুক পৰ্ণ ভিডিঅ’ চাবলৈ বাধ্য কৰাই ৰঙা ঘৰৰ আলহী হ’ল এজন ৫৯ বছৰীয়া বৃদ্ধ । বৃদ্ধ লোকজনৰ নাম চন্দন সিং ৰাম । এই ঘটনা সংঘটিত হৈছে মোহনবাৰীত ।

দীৰ্ঘদিন ধৰি চন্দন ৰাম সিঙে কণমানি শিশুটিক নিজৰ ম’বাইলৰ পৰা এনেধৰণৰ পৰ্ণ ভিডিঅ’ চাবলৈ দি শৰীৰৰ বিভিন্ন অংশত যৌন নিৰ্যাতনৰ চেষ্টা চলাই আহিছিল। অৱশেষত শিশুটিৰ পিতৃ-মাতৃয়ে চন্দন সিং ৰামৰ এনে নিলাজ কাৰ্য প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত মঙলবাৰে দিনৰ ভাগত স্থানীয় ৰাইজৰ সহযোগত ধুৰন্ধৰ চন্দন সিং ৰামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ইফালে এই ঘটনাৰ পিচতেই অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাইজে চন্দন সিং ৰামক কোনো কাৰণতে পুনৰ অঞ্চলটোত প্ৰৱেশ কৰিলে পৰিস্থিতি বিষম হ’ব বুলি সকীয়নি প্ৰদান কৰিছে । মোহনবাৰী আৰক্ষী চকীয়ে ১১২/২০২৩ under section 12 Posco act ৰ অধীনত গোচৰ পঞ্জীয়ন কৰি চন্দন সিং ৰামক জেললৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : Child abuse at Hojai : শিশু নিৰ্যাতনৰ অভিযোগত ৰঙাঘৰত প্ৰাক্তন অগপ মন্ত্ৰীৰ লগতে মন্ত্ৰী পত্নী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.