Drive against fire crackers:সোণাৰিত নিশা ফটকাৰ বিৰুদ্ধে অভিযান চৰাইদেউ জিলা প্ৰশাসনৰ

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 1:41 PM IST

thumbnail

ডিব্ৰুগড়, 11 নৱেম্বৰ : সমাগত দীপান্বিতা আৰু কালীপূজাত এইবাৰ উচ্চক্ষমতা সম্পন্ন ফটকা আৰু আতচবাজী নিষিদ্ধ কৰিছে চৰকাৰে । ইতিমধ্যে প্ৰদূষণ ৰোধৰ বাবে উচ্চতম ন্যায়ালয়ে উচ্চক্ষমতা সম্পন্ন ফটকা বিক্ৰী, ক্ৰয়, ফুটোৱা বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে। নিৰ্দেশৰ পাচতেই জিলাই জিলাই কঠোৰ হৈছে আৰক্ষী প্ৰশাসন ৷

সোণাৰিত নিশা চৰাইদেউ জিলা প্ৰশাসনে উচ্চ ক্ষমতা সম্পন্ন ফটকাৰ বিৰুদ্ধে চলালে অভিযান। সোণাৰি নগৰৰ কেইজনমান অসাধু ব্যৱসায়ীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক ভেঙুচালী কৰি ফটকাৰ ৰমৰমীয়া বেহা অব্যাহত ৰখাৰ সময়তে সচেতন মহলৰ অভিযোগৰ ভিত্তিত ব্যৱসায়ীৰ গুদাম আৰু ব্যৱসায় প্ৰতিষ্ঠানত অভিযান চলাই জব্দ কৰিলে বুজন পৰিমাণৰ ফটকা, আতচবাজী। সাতখনৰো অধিক ব্যৱসায় প্ৰতিষ্ঠান আৰু গুদামত অভিযান চলাই প্ৰশাসনে । উচ্চক্ষমতা সম্পন্ন ফটকাৰ বিৰুদ্ধে অভিযান চলি থাকিব বুলিও জানিবলৈ দিছে চৰাইদেউৰ অতিৰিক্ত আয়ুক্ত অঞ্জন জ্যোতি দলেই ।

লগতে পঢ়ক : GST evasion in cracker business: বৃহৎ কৰ ফাঁকিৰে নগাঁৱত চলিছে ফটকাৰ বজাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.