thumbnail

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 6:17 PM IST

ETV Bharat / Videos

Chandrayaan 3 mission: নলবাৰী তাৰকাগৃহত চন্দ্ৰজানৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শনৰ ব্যৱস্থা

নলবাৰী, ২৩ আগষ্ট: অপেক্ষা আৰু উৎকণ্ঠাৰ অন্ত পৰিবলৈ মাজত আৰু মাথোঁ কেইটামান ক্ষণ ৷ আজি সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে ভাৰতবৰ্ষৰ চন্দ্ৰযান-৩ৰ ওপৰত ৷ দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰন্তৰ লগতে উত্তৰ পূৱৰ প্ৰথমটো 3Dযুক্ত তাৰকাগৃহ নলবাৰী তাৰকাগৃহতো চন্দ্ৰযান-৩ অৱতৰণৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শনৰ বিশেষ ব্যৱস্থা কৰা হৈছে  ৷

জিলা প্ৰাথমিক শিক্ষা বিভাগ,তাৰকাগৃহ আৰু আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কৰা হৈছে প্ৰদৰ্শনৰ বিশেষ ব্যৱস্থা ৷ আজিৰ প্ৰদৰ্শনীৰ পিছতেই পৰৱৰ্তী সময়ত ছাত্ৰ- ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হ’ব ৰচনা প্ৰতিযোগিতাকে ধৰি বিভিন্ন প্ৰতিযোগিতা ।

ইপিনে,আজি চন্দ্ৰযান-৩ৰ অৱতৰণৰ দৃশ্য ছাত্ৰ-ছাত্ৰীয়ে উপভোগ কৰিবৰ বাবে দেশৰ শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে । দেশৰ সকলো শিক্ষানুষ্ঠান চন্দ্ৰযান-৩ৰ অৱতৰণৰ সময়লৈকে খোলা ৰাখিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক:Chandrayaan 3 landing: চন্দ্ৰযান-৩ সফল অৱতৰণৰ কামনাৰে দোৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.