ৰাইজৰ সমস্যাৰ বুজ ল’বলৈ হোজাইত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 3:41 PM IST

thumbnail

হোজাই, 8 জানুৱাৰী : মঙলবাৰে হোজাই জিলাত উপস্থিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । নৱগঠিত বঢ়মপুৰ সমষ্টিৰ সাংগঠনিক কাম-কাজ আৰু ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে হোজাইত উপস্থিত হয় মন্ত্ৰীগৰাকী । তাৰ পাচত মন্ত্ৰীগৰাকীয়ে ডবকাৰ আকাশীগংগা, সুতাৰগাঁও, ভেলৌগুৰি পঞ্চায়তত অনুষ্ঠিত চাৰিখনকৈ সভাত ভাগ লয় ৷ এই সভাত ভাগ লোৱাৰ পূৰ্বে আকাশী গংগাৰ শিৱ মন্দিৰত সেৱা লয় মন্ত্ৰীগৰাকীয়ে ৷

এই সভাতে স্থানীয় ৰাইজে আকাশীগংগা গাঁও পঞ্চায়তত কিছুদিনৰ পৰা হৈ থকা খোৱাপানীৰ অভাৱৰ সম্পৰ্কে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আগত অৱগত কৰে ৷ ৰাইজৰ অভিযোগ শুনি লগে লগে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰি অতি সোনকালে গাঁওকেইখনত পানী যোগান দিবলৈ নিৰ্দেশ দিয়ে ৷

দৰাচলতে ডবকা-ডিফু সংযোগী চাৰিলেনযুক্ত পথ নিৰ্মাতা কোম্পানীৰ গাড়ীয়ে পানী যোগান আঁচনিৰ পাইপ ভাঙি পেলাইছিল । যাৰ বাবে আকাশীগংগা পঞ্চায়তৰ তপজুৰি, দিখাৰুমুখ, টঙীয়া, গংগাদিশা আদি গাঁৱত যোৱা প্ৰায় বিশ দিন ধৰি জনস্বাস্থ্য কাৰিকৰি বিভাগে পানী যোগান দিব পৰা নাছিল ৷ ফলত অসুবিধাৰ সন্মুখিন হৈছিল গাঁৱৰ ৰাইজ ৷

লগতে পঢ়ক : ধেমাজিত শিক্ষিত যুৱকৰ কৃষি বিপ্লৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.