thumbnail

By

Published : Apr 12, 2023, 11:56 AM IST

ETV Bharat / Videos

Cattle syndicate: বিলাসী বাহনত উদ্ধাৰ চুৰি গৰু; চামগুৰিত বাহনসহ আটক সৰবৰাহকাৰী

নগাঁও, 12 এপ্ৰিল: ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে অবৈধভাৱে সৰবৰাহ হৈ আছে গৰু ৷ ইফালে আৰক্ষী আৰু প্ৰশাসনো এই ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যহত ৰাখিছে । বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে ইতিমধ্যে বহু চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । কিন্তু আৰক্ষীৰ চকুত ধূলি দি এতিয়াও অসাধু চক্ৰই গৰু সৰবৰাহৰ ক্ষেত্ৰত বহু নতুন নতুন কু-পন্থা হাতত লোৱা দেখা গৈছে । কেতিয়াবা যদি নৈশ বাছৰ ভিতৰত, কেতিয়াবা কণ্টেইনাৰ বাহনৰ ভিতৰত লুকাই গৰু সৰবৰাহ কৰে অসাধু চক্ৰই (Cattle smuggling in Assam) । এইবাৰ চামগুৰিত বিলাসী বাহনত উদ্ধাৰ হ'ল চুৰি গৰু  (Cattle seized from luxury car in Samaguri) ৷

সোমবাৰে নিশাৰ ভাগত গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে চামগুৰিৰ কেইবাটাও স্থানত অভিযান চলাই চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম কেইবাটাও সৰবৰাহকাৰীক ৷ চামগুৰিৰ আমনি, খলিহামাৰি, মোৱামাৰি আদি স্থানত পুৱা পৰ্যন্ত চামগুৰি আৰক্ষীয়ে অভিযান চলাই গৰুসহ তিনিটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ অভিযানত এখন নতুন বেলেন' গাড়ীৰ পৰা চাৰিটাকৈ গৰু উদ্ধাৰ কৰাৰ লগতে মুঠ তিনিখন বাহনসহ 37 টাকৈ চোৰাং গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ উদ্ধাৰ হোৱা গৰুসমূহ নগাঁৱস্থিত গোশালালৈ প্ৰেৰণ কৰে চামগুৰি আৰক্ষীয়ে (Cattle smuggler arrested in Samaguri) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.