thumbnail

By

Published : Apr 30, 2023, 10:49 PM IST

ETV Bharat / Videos

Car lifter detained: ৰেষ্টুৰেণ্টত পত্নীৰ সৈতে বাৰ্তালাপ কৰি থাকোতেই আটক হ’ল চিৰাজ আলী

গুৱাহাটী, ৩০ এপ্ৰিল : এটা বা দুটা নহয়, গুৱাহাটীৰ বিভিন্ন থানাত গাড়ী চোৰ চিৰাজৰ বিৰুদ্ধে ৰুজু হৈ আছে ২৬ টাকৈ চুৰিৰ গোচৰ । আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা মুকালমুৱাৰ চিৰাজ আলী অৱশেষত জালত পৰিছে মহানগৰ আৰক্ষীৰ । ছয় মাইলৰ এখন ৰেষ্টুৰেণ্টত পত্নীৰ সৈতে বহি থকা অৱস্থাত শনিবাৰে সাতগাঁও আৰক্ষীয়ে আটক কৰে চিৰাজক (Car lifter detained)।

ধৃত চিৰাজ আলিৰ পৰা আৰক্ষীয়ে এখন মটৰ চাইকেলসহ বহু সোণৰ গহনা, কেইবাটাও ম’বাইল ফোন আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি চিৰাজে আৰক্ষীৰ চকুত ধূলি মাৰি মহানগৰীত ট্ৰেকাৰ চালক হিচাপে আত্মগোপন কৰি আছিল (Car thief detained in Guwahati)।

দেওবাৰে চিৰাজ আলীক চি জি এম আদালতত হাজিৰ কৰাৰ পিচত ৫ দিনৰ বাবে আৰক্ষীৰ নিজৰ জিম্মাত লয় । ধৃত চিৰাজ আলী চুৰি, ডকাইতি, প্ৰৱঞ্চক আদি বিভিন্ন গোচৰত অভিযুক্ত । লক্ষণীয় কথা যে, চিৰাজৰ আছে ৬ গৰাকীকৈ পত্নী ৷ অৱশ্যে সংবাদ মাধ্যমৰ আগত এই সকলো কথা নস্যাৎ কৰিছে অভিযুক্ত চিৰাজ আলীয়ে ৷

লগতে পঢ়ক : Crime in Nalbari : নলবাৰীৰ বৰতলাত হাতে লোটে আটক চোৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.