Flood in Cachar:কাছাৰ জিলা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা - কাছাৰ জিলা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা
🎬 Watch Now: Feature Video
কৰিমগঞ্জ, ১৭ জুন : কাছাৰ প্ৰশাসনে দুৰ্যোগৰ পুনৰাবৃত্তি ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । কাছাৰ জিলা প্ৰশাসনে জাৰি কৰিছে বেটুকান্দি বান্ধ এলেকাত ১৪৪ ধাৰা । শিলচৰ চহৰত হৈ থকা বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানে জীয়াতু ভোগাইছে ৰাইজক ।
বেটুকান্দি বান্ধৰ সুৰক্ষাৰ বাবে প্ৰশাসনে সতৰ্কতা বৃদ্ধি কৰিছে । অহা তিনিদিনলৈ ধাৰাষাৰ বৰষুণৰ পূৰ্বাভাসত আতংকিত হৈ পৰিছে নগৰবাসী । কেৱল বেটুকান্দিই নহয়, উত্তৰ কৃষ্ণপুৰৰ বান্ধকলৈয়ো ৰাইজ চিন্তিত । বৰাক উপত্যকাৰ প্ৰায় সকলো উপ নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে । বানৰ আশংকাত কাছাৰ প্ৰশাসনে সময়মতে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ৰাইজ শংকামুক্ত নহয় ।
লগতে পঢ়ক:IIT Guwahati: পৰিৱেশ প্ৰদূষিত কৰা প্লাষ্টিকৰ সমস্যা সমাধানৰ বাবে গুৱাহাটী আই আই টিত গৱেষণা প্ৰকল্প