Bwisagu welcome ceremony: মধ্য জোনাইৰ গালি কছাৰী গাঁৱত ৰংজালি বৈশাগু আদৰণি অনুষ্ঠান - বৈশাগু আদৰণি অনুষ্ঠান
🎬 Watch Now: Feature Video
জোনাই, 15 এপ্ৰিল: মধ্য জোনাই বড়ো জাতীয় সংগঠনৰ উদ্যোগত আজি গালি কছাৰী গাঁৱত ৰংজালি বৈশাগু আদৰণি অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ নিখিল বড়ো ছাত্ৰ সন্থা, সংযুক্ত বড়ো গণ মঞ্চ, নিখিল বড়ো মহিলা কল্যাণ পৰিষদ আৰু বড়ো সাংস্কৃতিক মঞ্চৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত গালি কছাৰী গাঁৱত অষ্টম বাৰ্ষিক ৰংজালি বৈশাগু আদৰণি উৎসৱ উদযাপন কৰা হয় । পুৱা পতাকা উত্তোলন কৰে এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ সাংস্কৃতিক সম্পাদক হৰণ খেৰকটাৰীয়ে । গছপুলি ৰোপণ কৰে ধেমাজি জিলা পৰিষদৰ সদস্য অতুল পেগুৱে (Bwisagu welcome ceremony) ।
ভলীবল প্ৰতিযোগিতাৰ উদ্বোধন কৰে এবছুৰ ধেমাজি জিলা সমিতিৰ জনসম্পৰ্কৰক্ষী সম্পাদক মথুৰাজ মুছাহাৰীয়ে । মহিলা সকলৰ মাজত অনুষ্ঠিত হোৱা ৰচী টনা প্ৰতিযোগিতা উদ্বোধন কৰে আবৌফৰ মধ্য আঞ্চলিক সমিতিৰ উপদেষ্টা পূণ্য আলচিয়াৰীয়ে । ৰংজালি বৈশাগু আদৰণি উৎসৱৰ উদ্বোধন কৰি ইউবিপিঅৰ সাংস্কৃতিক সম্পাদক নিৰ্মল ব্ৰহ্মই কয় কৃষিভিত্তিক উৎসৱ ৰংজালি বৈশাগু বড়ো সকলৰ অতি আদৰৰ আৰু বড়ো সকলৰ সমাজ ব্যৱস্থাত ৰংজালি বৈশাগুক বাদ দি সংস্কৃতি সম্পূৰ্ণ নহয় বুলি বক্তব্য ৰাখে (bwisagu welcome ceremony at Jonai) ।
অনুষ্ঠানত উপস্থিত থাকে, ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, সহকাৰী সাধাৰণ সম্পাদক সোমনাথ মহিলাৰী, জোনাই জিলা বড়ো সাহিত্য সভাৰ সভাপতি দিলিপ বসুমতাৰী, সাধাৰণ সম্পাদক মানিক বড়ো, মূৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ সদস্য তৰুণ গয়াৰী, জিএনএছএমৰ জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰী, এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ সভাপতি মন্টু বড়ো ৷
ইউবিপিঅৰ মধ্য জোনাই আঞ্চলিকৰ সভাপতি হৰি বসুমতাৰী, আবৌফৰ মধ্য জোনাই আঞ্চলিকৰ সভানেত্ৰী সুমিত্ৰা দৈমাৰী, বড়ো হাৰিমু আফাডৰ মধ্য জোনাই আঞ্চলিকৰ সভাপতি কালিচৰণ বড়ো আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে । ৰংজালি বৈশাগু আদৰণি অনুষ্ঠানত মধ্য জোনাই অঞ্চলৰ বিভিন্ন বড়ো গাঁৱৰ ডেকা-গাভৰু, পুৰুষ-মহিলা, বুঢ়া-মেথা সকলোৱে বাগুৰুম্বা নৃত্যত অংশগ্ৰহণ কৰে । ৰংজালি বৈশাগু আদৰণি অনুষ্ঠানত বৈশাগু উপলক্ষত পিঠা-পনা, মাছ, মাংস, থলুৱা মদ আদি সমজুৱাভাৱে ভোজ ভাত খোৱা হয় ।
লগতে পঢ়ক : Rangali Bihu 2023: এই ৫টা শীৰ্ষ বিহুগীতে দুগুণে বৃদ্ধি কৰিব ৰঙালীৰ আনন্দ