River erosion at Boko : চেঙাৰ কাছুমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ কাল খহনীয়া - উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ বুকু
🎬 Watch Now: Feature Video
বকো, 18 জুন : “হিমন্ত ছাৰ আমাক বচাওক ৷ আশ্ৰাফুল হুছেইন আমাক বচাওক ৷ আমি মৰিবলৈ গৈ আছো ৷” এয়া কোনো চিনেমাৰ ডাইলগ নহয় ৷ এয়া হ’ল বকোৰ চেঙাৰ নৈপৰীয়া ৰাইজৰ ৷ কিয়নো বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে বকোৰ নগৰবেৰাৰ প্ৰতিবেশী চেঙাৰ কাছুমাৰা অঞ্চল ৷
বিগত কেবাদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ বুকু ৷ ফলত চেঙাৰ কাছুমাৰা অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে ধাৰণ কৰিছে কাল ৰূপ ৷ চেঙাৰ কাছুমাৰা অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ফলত ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে কেবাশ বিঘা কৃষি ভূমিৰ উপৰিও মানুহৰ ঘৰ-ভেঁটি ৷ ফলত হাহাকাৰ কৰিব লগাত পৰিছে নৈপৰীয়া ৰাইজ ৷
বকোৰ একাংশ নৈপৰীয়া ৰাইজৰ অভিযোগ, ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ৰোধ কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰাৰ স্বত্বেও লাভ কৰা নাই কোনো সুফল ৷ আনকি এই সন্দৰ্ভত স্থানীয় বিধায়ৰ ফালৰ পৰাই কোনো সুদোত্তৰ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজ ৷ উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে নৈপৰীয়া ৰাইজে ৷
লগতে পঢ়ক : River worship to get rid of river erosion: গৰাখহনীয়াৰ ভয়ত ৰাইজে কৰিছে নদী পূজা