অসম-মেঘালয় সীমান্তৰ জৰাশালত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ - ৰাণী সংৰক্ষিত বনাঞ্চলত হাতীৰ মৃতদেহ উদ্ধাৰ
🎬 Watch Now: Feature Video


Published : Dec 12, 2023, 3:08 PM IST
মিৰ্জা, ১২ ডিচেম্বৰ : হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ মাজতে গুৱাহাটী মহানগৰীৰ কাষাৰীয়া ৰাণী সংৰক্ষিত বনাঞ্চলৰ অসম-মেঘালয় সীমান্তৰ জৰাশালত বনৰীয়া হাতীৰ মৃত্যু । ৰাইজে গেলিবলৈ ধৰা মৃতদেহটো প্ৰত্যক্ষ কৰি চাৰিদিনমান পূৰ্বেই মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । আজি পুৱা স্থানীয় লোকে এই হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে । হাতীটোৰ কি কাৰণত মৃত্যু হৈছে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।
ইপিনে,ৰাইজে বন বিভাগক খবৰ দিয়াৰ পিচতেই ঘটনাস্থালীত বন বিভাগ আৰু চিকিৎসাৰ দল উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পুতি থোৱাৰ ব্যৱস্থা কৰে । উল্লেখ্য় যে মহানগৰীৰ কাষাৰীয়া ৰাণী সংৰক্ষিত বনাঞ্চলৰ অসম- মেঘালয় সীমান্তৰ জৰাশালত ইয়াৰ পূৰ্বেও বনৰীয়া হাতীৰ মৃত্যু হৈছে ।
লগতে পঢ়ক:ৰঙিয়াত উৰণ সেতু নির্মাণ নোহোৱাত ভয়ংকৰ যান-জঁট, ক্ষোভিত ৰাইজ