Press Meet of BJYM in Guwahati: এছিয়ান গেমছৰ পদক বিজেতাক অভিনন্দন ভাৰতীয় জনতা যুৱ মৰ্চাৰ
🎬 Watch Now: Feature Video
গুৱাহাটী, ১০ অক্টোবৰ: চীনত অনুষ্ঠিত ১৯ সংখ্যক এছিয়ান গেমছত ভাৰতৰ অভূতপূর্ব সফলতাৰ বাবে প্রতিগৰাকী পদক বিজেতা খেলুৱৈক ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই অভিনন্দন জ্ঞাপন কৰে । আজি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বৰুৱাই কয় যে নেতৃত্ব সৱল হ'লে দেশ সকলো ক্ষেত্ৰতে আগুৱাই যায় । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্য ক্ষেত্ৰ সমূহৰ দৰে ক্ৰীড়া ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে যথেষ্ট কাম কৰাৰ ফলতেই এছিয়ান গেমছত ভাৰতে ১০৭ টা পদক আজুৰি আনিবলৈ সক্ষম হৈছে ।
তেওঁ কয় যে এছিয়ান গেমছৰ প্ৰস্তুতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২২০ কোটিৰো অধিক টকা মোকোলাই দিছিল । তদুপৰি মণিপুৰত দেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় ৪৫০ কোটি টকা ব্য়য়ৰে নিৰ্মাণ হ'ব । বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাতো অনিৰুদ্ধদেৰ নামত ক্রীড়া বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম হাতত লৈছে । তেওঁ পুনৰ কয় যে এছিয়ান গেমছৰ মহিলা বক্সিঙত ৰূপৰ পদক লাভ কৰি পেৰিছৰ অলিম্পিকলৈ নির্বাচিত হোৱা অসম গৌৰৱ লাভলীনা বৰগোঁহাই অসমৰ প্ৰতিজন যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ প্ৰতীক ।
লাভলীনা বৰগোঁহাইৰ লগতে এছিয়ান গেমছত অংশগ্রহণ কৰা শিবাংগী শৰ্মা, উমা ছেত্রী, প্রিয়া দেৱী, শিব থাপা, অস্মিতা চলিহা আৰু অম্লান বৰগোহাঁইলৈ ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্রদেশে অভিনন্দন জনাই উজ্জ্বল ভৱিষ্যৎ কামনা কৰে । আনহাতে, লোকসভা নিৰ্বাচনত যুৱ মৰ্চাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব বুলি উল্লেখ কৰি কয় যে ভাৰতীয় জনতা পাৰ্টীৰ মূল শক্তি হৈছে যুৱ মৰ্চা । ইপিনে, বিটিআৰ ৰাজনীতিত বিজেপিৰ সংগঠন শক্তিশালী বুলিও তেওঁ মন্তব্য় কৰে ।
লগতে পঢ়ক:Train Services Cancelled: আজিৰে পৰা ৰাজ্যত বাতিল কেইবাখনো ৰে’লৰ চলাচল