ETV Bharat / sports

ঘঁৰিয়ালৰে ভৰ্তি নদীত পৰিল ক্ৰিকেটাৰ; এসময়ৰ প্ৰতিদ্বন্দ্বীয়ে ৰক্ষা কৰিলে প্ৰাণ - ENGLAND CRICKETER IAN BOTHAM

Ian botham mishap: ঘঁৰিয়ালৰে পৰিপূৰ্ণ নদীত পৰি গুৰুতৰভাৱে আহত এগৰাকী ক্ৰিকেটাৰ ৷ পুৰণি প্ৰতিপক্ষৰ খেলুৱৈয়ে উদ্ধাৰ কৰিলে নদীৰ পৰা ৷

ENGLAND CRICKETER IAN BOTHAM
ঘঁৰিয়ালৰে ভৰ্তি নদীত পৰিল ক্ৰিকেটাৰ (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 8, 2024, 7:26 PM IST

স্প’ৰ্টছ ডেস্ক: অষ্ট্ৰেলিয়া ভ্ৰমণত ব্যস্ত থকা এগৰাকী ক্ৰিকেটাৰৰ সৈতে শেহতীয়াকৈ ঘটিল এক দুৰ্ঘটনা ৷ এই ঘটনাটো সংঘটিত হৈছিল ডাৰউইনৰ পৰা প্ৰায় 200 কিল’মিটাৰ দক্ষিণে থকা ময়েল নদীত ৷ নৈৰ পাৰত বহি মাছ ধৰাৰ সময়তে আকস্মিকভাৱে নদীত পিছলি পৰে ক্ৰিকেটাৰগৰাকী ৷

এই ঘটনাটো এইকাৰণে ভয়ংকৰ বুলি কোৱা হৈছে, কাৰণ সেই নদীখন আছিল ঘঁৰিয়ালৰ বাসস্থান ৷ জানিব পৰা মতে, ক্ৰিকেটাৰগৰাকীয়ে চাৰিদিনীয়া মাছ ধৰা অভিযানৰ অংশ হিচাপে বাহৰ পাতিছিল নদীখনৰ কাষত ৷ কিন্তু তাতেই যে এক অনাকাংক্ষিত পৰিস্থিতিয়ে তেওঁলৈ অপেক্ষা কৰি আছিল সেয়া তলকিবই পৰা নাছিল ৷

ক্ৰিকেটাৰগৰাকীয়ে নাওত উঠি নদীৰ মাজলৈ যাব চেষ্টা কৰোতে তেওঁ পিন্ধি থকা জোতাযোৰৰ ৰছী নাওৰ এটা অংশত লাগি ধৰিছিল ৷ যাৰ বাবে তেওঁ নাৱৰ পৰা পিছলি গৈ নদীত পৰে ৷ ঘঁৰিয়ালৰে পৰিপূৰ্ণ নদীখনত ক্ৰিকেটাৰগৰাকী পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও প্ৰাণৰক্ষা পৰে ৷

"মই পানীত ডুবাৰ পূৰ্বেই উঠি আহিবলৈ সক্ষম হৈছিলো ৷ মোৰ আশে-পাশে একাধিক ঘঁৰিয়াল আছিল ৷ পানীত কি আছে, সেই বিষয়ে ভাবিবলৈ মোৰ সময় নাছিল । সৌভাগ্যক্ৰমে মোৰ প্ৰাণৰক্ষা পৰে ৷ এয়া কেৱল এটা দুৰ্ঘটনা আছিল । এইটো তাৎক্ষণিকভাৱে ঘটিছিল আৰু এতিয়া মই ভালে আছোঁ" বুলি ক্ৰিকেটাৰগৰাকীয়ে দুৰ্ঘটনাটোৰ পিছত প্ৰকাশ কৰে ৷

ENGLAND CRICKETER IAN BOTHAM
ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ ইয়ান বোথাম (AFP Photo)

অষ্ট্ৰেলিয়াৰ ময়েল নদীত প্ৰতি বৰ্গ কিল’মিটাৰত প্ৰায় 5 টাকৈ ঘঁৰিয়াল দেখা যায় ৷ আকস্মিকভাৱে কোনো লোক নদীত পৰিলে তাৰপিছত ফলাফল ভয়ংকৰ হৈ পৰে ৷ এই ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হোৱা ক্ৰিকেটাৰগৰাকী হৈছে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ ইয়ান বোথাম ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁৰ সৈতে উপস্থিত আছিল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন দ্ৰুত বলাৰ মাৰ্ভ হিউজেছ ৷

বোথামে 102 খন টেষ্ট মেচত ইংলেণ্ডক প্ৰতিনিধিত্ব কৰি 5200 ৰাণ সংগ্ৰহ কৰাৰ লগতে দখল কৰিছিল 383 টা উইকেট ৷ তেওঁ দলটোৰ হৈ 116 খন এদিনীয়াত অংশগ্ৰহণ কৰিছিল ৷ ইংলেণ্ডৰ অলৰাউণ্ডাৰগৰাকীয়ে অষ্ট্ৰেলিয়াৰ ফাষ্ট বলাৰ মাৰ্ভ হিউজেছৰ বিৰুদ্ধে খেলপথাৰত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছিল ৷ হিউজে অষ্ট্ৰেলিয়াৰ হৈ 53 খন টেষ্টত 212 টা উইকেট দখল কৰি সফল ক্ৰিকেট কেৰিয়াৰৰ সামৰণি পেলাইছিল ।

লগতে পঢ়ক: ০,০,০,০,০,০... এদিনীয়া ইতিহাসত ষষ্ঠবাৰৰ বাবে 6 গৰাকী বেটছমেন শূন্যত আউট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.