ETV Bharat / state

জনাঞ্চলত বাঘৰ মুক্ত বিচৰণত মধ্য অসমত আতংক - MEN TIGER CONFLICT

অসমত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে বাঘ-মানুহৰ সংঘাত । বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ এটাৰ পাছত আনটো বাঘৰ । ঢেকীয়াপতীয়াৰ সমানে নাহৰফুটুকী বাঘৰ ত্ৰাসত এতিয়া আতংকিত জনতা।

Men tiger conflict increase in Assam
বাঘ মানুহৰ সংঘাত বৃদ্ধি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 7:39 AM IST

নগাঁও : হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লোৱা অসমত শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰিছে বাঘ মানুহৰ সংঘাত । বনাঞ্চল এৰি হঠাৎ ঢেকীয়াপতীয়াৰ লগতে নাহৰফুটুকী বাঘৰ জনাঞ্চল ভ্ৰমণে আতংকৰ সৃষ্টি কৰিছে জনতাৰ মাজত । নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলৰ লগতে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বাঘে ত্ৰাস চলোৱাৰ পাছত এতিয়া কেৱল গ্ৰামাঞ্চলতে নহয় চহৰ অঞ্চলতো বাঘৰ বিচৰণে এক অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখী হ'বলগতীয়া হৈছে চহৰবাসী ।

ইতিপূৰ্বে গুৱাহাটী মহানগৰত বাঘৰ বিচৰণে মহানগৰত আতংকৰ সৃষ্টি কৰাৰ পাছত এইবাৰ নগাঁও চহৰত আতংকৰ সৃষ্টি কৰিছে বাঘে । নৱবৰ্ষৰ প্ৰথমটো দিনতে অৰ্থাৎ মঙলবাৰে নগাঁও চহৰৰ মাজমজিয়াৰ এটা বাসগৃহত প্ৰৱেশ কৰি আশ্ৰয় লৈ থকা ঘৰৰ লোকে প্ৰত্যক্ষ কৰাৰ পাছতেই এক আতংকময় পৰিস্থিতিৰ সৃষ্টি নগাঁও চহৰৰ আমোলাপট্টিত ।

Men tiger conflict increase
বাঘ মানুহৰ সংঘাত বৃদ্ধি (ETV Bharat Assam)

পৰৱৰ্তী সময়ত নাহৰফুটুকী বাঘটো ট্ৰেংকুলাইজ কৰাৰ বাবে বন বিভাগে তৎপৰতা আৰম্ভ কৰাৰ সময়তেই ঘৰটোৰ ভিতৰৰ পৰা পলায়ন কৰে প্ৰকাণ্ড নাহৰফুটুকীটো । বাঘটো বিচাৰি বন বিভাগৰ লোকে অভিযান আৰম্ভ কৰে যদিও বুধবাৰে এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে বাঘটো কোন স্থানত আশ্ৰয় লৈছে তাৰ কোনো সন্ধান উলিয়াব নোৱাৰাত সমগ্ৰ নগাঁও চহৰতে বিৰাজ কৰে এক আতংকময় পৰিস্থিতিৰ ।

বুধবাৰৰ দিনটো তীব্ৰ আতংকৰ মাজতে পাৰ কৰিবলগীয়া হৈছে নগাঁও চহৰবাসী । বাঘটোৰ কোনো সন্ধান উলিয়াব নোৱাৰাত একপ্ৰকাৰ অসহায় হৈ পৰে নগাঁও বন বিভাগ । বাঘে সৃষ্টি কৰা আতংকৰ মাজতে নগাঁও জিলা প্ৰশাসনে জনসাধাৰণক সতৰ্ক থাকিবলৈ মাইকযোগে আহ্বান জনায় । কিন্তু বনাঞ্চলৰ পৰা বহু দূৰৈৰ নগাঁও চহৰত হঠাৎ বাঘৰ বিচৰণক লৈ জনসাধাৰণ আতংকিত হৈ আছে যদিও বাঘটো ক’ৰ পৰা আহি নগাঁও চহৰত উপস্থিত হ'ল সেয়া এই পৰ্যন্ত নিশ্চিত কৰিব পৰা নাই বন বিভাগেও ।

অৱশ্যে নগাঁৱৰ চাপানলা অথবা কন্দলি আদি পাহাৰীয়া এলেকাৰ পৰা বাঘটো নগাঁও চহৰত প্ৰৱেশ কৰাৰো সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে ।

লগতে পঢ়ক : নৱবৰ্ষত নগাঁও চহৰলৈ আহিল বনৰজা, আতংকিত নগাঁওবাসী

মধ্য অসমত বৃদ্ধি বাঘ মানুহৰ সংঘাত :

বিগত বৰ্ষত বিশেষকৈ মধ্য অসমত বৃদ্ধি পাবলৈ ধৰিছে বাঘ মানুহৰ সংঘাত । বিগত বৰ্ষৰ জুলাই মাহতেই লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে প্ৰথমে জুৰীয়াৰ কলাডুবা, পুঠিমাৰীকে ধৰি কেবাটাও অঞ্চলত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰাৰ ধিঙৰ বিভিন্ন অঞ্চলতো প্ৰৱেশ কৰি কেইবাজনো লোকক আক্ৰমণ কৰি আহত কৰিছিল ।

আনকি বাঘটোক কৰায়ত্ত কৰিবলৈ পিঞ্জৰাৰ ব্যৱস্থা কৰাৰ সময়তেই বনকৰ্মীকো আক্ৰমণ কৰি আহত কৰিছিল বাঘটোৱে । বন বিভাগৰ প্ৰায় তিনিমহীয়া প্ৰচেষ্টাৰ অন্তত বাঘটো কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল । কেৱল জুৰীয়া অথৱা ধিং অঞ্চলতেই নহয়, বিগত প্ৰায় দুই তিনি মাহ ধৰি নগাঁৱৰ কলিয়াবৰৰ বিভিন্ন অঞ্চলতো কেইবাটাও বাঘে জনাঞ্চলত প্ৰৱেশ কৰি কেইবাজনো লোকক আক্ৰমণ কৰিছিল ।

কলিয়াবৰৰ বিশেষকৈ চাহ বাগিচা এলেকাত বাঘে বিচৰণ কৰাৰ সময়ৰ পৰাই এই পৰ্যন্ত নিৰুদ্দেশ হৈ আছে কেইবাজনো লোক । ইয়াৰ মাজতে যোৱা ২২ ডিচেম্বৰত কলিয়াবৰৰ বাসুদেৱ কৰ্মকাৰ নামৰ একৰাকী লোকৰ ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ ।

আনহাতে কলিয়াবৰৰ লক্ষীৰাম ভূমিজকে ধৰি কেইবাজনো লোকৰ আজি পৰ্যন্ত উলিয়াব পৰা নাই কোনো সন্ধান । অঞ্চলটোত আজিও বাঘৰ আতংক অব্যাহত থকা বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে ।

লগতে পঢ়ক : মানুহৰ আক্ৰমণত জীৱনলৈ ঘূনীয়া: কেতিয়াও আৰু বনলৈ ঘূৰি যাব নোৱাৰিব বনৰজা

কিয় বৃদ্ধি পাইছে বাঘ মানুহৰ সংঘাত ?

বিশেষকৈ মধ্য অসমত হঠাৎ বাঘ মানুহৰ সংঘাত বৃদ্ধি পোৱাত জনসাধাৰণৰ মাজত আতংকময় পৰিস্থিতি বিৰাজ কৰাৰ সমান্তৰালকৈ বনাঞ্চল এৰি বাঘে জনাঞ্চলত কিয় প্ৰৱেশ কৰিছে তাকলৈয়ো চিন্তিত হৈ পৰিছে সচেতন লোক ।

এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী সংগঠন হাতী বন্ধুৰ প্ৰতিনিধি বিনোদ দুলু বৰাই ইটিভি ভাৰতক জনিবলৈ দিয়া মতে, বাঘৰ আশ্ৰয়স্থলসমুহ ক্ৰমাৎ সংকোচিত হোৱা বাবেই বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিবলৈ লৈছে বাঘে । বিশেষকৈ বাঘে আশ্ৰয় লোৱা পাহাৰৰ গুহাসমূহ একাংশই ভাঙি পেলোৱাৰ ফলত বাঘে নিৰাপদ আশ্ৰয় বিচাৰি জনাঞ্চলত প্ৰৱেশ কৰাৰো সন্দেহ ব্যক্ত কৰিছে দুলু বৰাই ।

আনহাতে খাদ্য সংকটত ভুগিও বাঘে খাদ্যৰ সন্দানত ওলাই অহাৰ সন্দেহ কৰিছে দুলু বৰাই । আনকি বাঘে নিজৰ নিৰাপত্তাৰ বাবেই মানুহক আক্ৰমণ কৰাৰো সন্দেহ প্ৰকাশ কৰে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই । মুঠৰ ওপৰত শেহতীয়াকৈ জনাঞ্চলত বাঘৰ মুক্ত বিচৰণে মধ্য অসমত অতংকৰ সৃষ্টি কৰাৰ সময়ত নগাঁও চহৰত আশ্ৰয় লোৱা বাঘৰ কোনো সন্ধান নোলোৱাত অধিক আতংকিত হৈ আছে নগাঁও চহৰবাসী ।

লগতে পঢ়ক : টাইগাৰ শ্ৰফৰ সৈতে মাৰ্চিয়েল আৰ্টছৰ প্ৰশিক্ষণ লোৱা ত্ৰিশূল ভূঞা ওলাইছে কাজাখস্তানলৈ

লগতে পঢ়ক : বিদায়ী বছৰটোত অসমত বাঘৰ আক্ৰমণত কিমানজনৰ মৃত্যু হ'ল ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.