ETV Bharat / state

ভৰলুমুখত ৭৪ জোপা গছ কটাৰ বিৰুদ্ধে সৰৱ ৰাইজ, গছ নকটাকৈ উৰণ সেতু নিৰ্মাণৰ প্ৰস্তাৱ বিশেষজ্ঞৰ

'ছেভ ট্ৰিজ, ছেভ ভৰলু', 'গছতকৈ মোমাই ডাঙৰ নহয়' প্লে'কাৰ্ড লৈ প্ৰতিবাদ । কাটিবলৈ নিদিয়ে গছ ।

Protest in Guwahati
উৰণ সেতু নিৰ্মাণৰ নামত কাটিব নিদিয়ে গছ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 7:15 PM IST

Updated : Nov 8, 2024, 9:54 PM IST

গুৱাহাটী: গুৱাহাটীত উৰণ সেতু নিৰ্মাণৰ নামত ৰুক্মিণীগাঁও, ধাৰাপুৰ আদিত বহুত ঠাইত গছ কটাৰ পিছত এইবাৰ ৰাজ্য চৰকাৰে আন এখন উৰণ সেতু নিৰ্মাণৰ বাবে ভৰলুমুখত বহুসংখ্যক গছ কটাৰ যো-জা কৰিছে ।

চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে আকৌ এবাৰ মাৰবান্ধি থিয় দিছে বৃহত্তৰ ভৰলুমুখ অঞ্চলৰ স্থানীয় লোক, মহানগৰীৰ সচেতন ৰাইজ আৰু ছাত্ৰসমাজ । যোৱা এসপ্তাহ ধৰি ভৰলুমুখৰ গছ ৰক্ষাৰ বাবে ধাৰাবাহিকভাৱে ৰাইজ তথা ছাত্ৰ সমাজে দিনে নিশাই প্ৰতিবাদ সাব্যস্ত কৰি আছে ।

উৰণ সেতু নিৰ্মাণৰ নামত কাটিব নিদিয়ে গছ (ETV Bharat Assam)

উন্নয়নৰ নামত ভৰলুমুখৰ গছসমূহ নাকাটিবলৈ চৰকাৰলৈ আহ্বান জনাই হাতে হাতে বেনাৰ-পোষ্টাৰ আৰু ছবি আঁকি ভৰলুমুখৰ আৰ কে চি পথত ছাত্ৰ-যুৱক সমাজে 'ছেভ ট্ৰিজ,ছেভ ভৰলু','গছতকৈ মোমাই ডাঙৰ নহয়','ছেভ ট্ৰিছ, ছেভ আৰ্থ' আদি প্লে'কাৰ্ড লৈ দুদিনধৰি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে । ইপিনে, শনিবাৰে অৰ্থাৎ কাইলৈ ভৰলুমুখৰ নাগৰিক সমম্বৰক্ষী সমিতিয়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ভৰলুমুখৰ গছ ৰক্ষাৰ দাবীত বিক্ষোভ আৰু মানৱ শৃংখল কাৰ্যসূচীৰ আহ্বান জনাইছে ।

কটা যাব 74 জোপা গছ:

এই সন্দৰ্ভত স্থানীয় নাগৰিক ধনঞ্জয় শৰ্মা আৰু নজিব আহমেদে কয়," যোৱা ৩১ অক্টোবৰত আমি কেইজনমান স্থানীয় নাগৰিকে ভৰলুমুখৰ শ্লুইচ গেটৰ পৰা 9 নম্বৰ ৰে'লগেট পাৰ হৈ ভৰলুমুখ পইন্ট লৈ একপাক মাৰি মোটামোটিকৈ এক জৰীপ কৰিছিলো । এই জৰীপত দেখা গল যে মুঠ 74 জোপা গছ কাটিবলৈ মাৰ্ক (নম্বৰ দিয়া) কৰা হৈছে ।

ইয়াৰ ভিতৰত মাত্ৰ চাৰিডালমান গছহে ফুটপাথত আছে, বাকী আটাইখিনি পুৰণি গছ, ফেন্সিং পাৰ হৈ ভৰলু নদীৰ পাৰতহে আছে । সেয়েহে এতিয়া উৰণ সেতু বনোৱাৰ নামত গছ কটাৰ লগতে ভৰলুৰ পাৰটোও দখল কৰা হ'ব । নিৰ্মাণকাৰ্যই ভৰলুমুখখন সংকুচিত কৰি ভৰলু নদীলৈ বিপদ সৃষ্টি কৰাৰ সম্ভাৱনা আছে ।"

উৰণ সেতু নিৰ্মাণৰ বাবে ৰাজহুৱা শুনানীৰ আহ্বান:

এই সন্দৰ্ভত স্থানীয় বাসিন্দা মুনীন্দ্ৰ কলিতা, কমল কুমাৰ, জীতেন ডেকা আৰু মনোজ মালাকৰে কয়," ভৰলুমুখৰ ৯ নম্বৰ (নতুন ৫ নম্বৰ) ৰে'লৱে গেটৰ ওপৰত নিৰ্মাণ কৰিব লগা উৰণ সেতুখন নিৰ্মাণ আৰম্ভ কৰাৰ আগতে লোক নিৰ্মাণ বিভাগে স্থানীয় ৰাইজৰ লগত আলোচনা কৰা নাই । এই সন্দৰ্ভত কোনো ৰাজহুৱা শুনানি (Public Hearing) অনুষ্ঠিত কৰা নাই । ভৰলু নৈৰ পাৰৰ গছ-গছনি আৰু কিছু বাসিন্দাৰ ঘৰত বিভাগৰ ফালৰ পৰা চিন দিয়া কাৰ্যই ৰাইজৰ মাজত যথেষ্ট সংশয়ৰ সৃষ্টি কৰিছে আৰু লগতে স্থানীয় ৰাইজৰ মাজত এক ক্ষোভৰো সৃষ্টি কৰিছে । "

তেওঁলোকে কয়," লগতে এই উৰণ সেতু নিৰ্মাণৰ ফলত এই এলেকাত বহুত বছৰ ধৰি ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰি থকা ৫০ টাকৈ অধিক পৰিয়াল‌ ক্ষতিগ্ৰস্ত হ'ব ।"

গছ নকটাকৈ উৰণ সেতু নিৰ্মাণৰ প্ৰস্তাৱ বিশেষজ্ঞৰ:

এই সন্দৰ্ভত বিশিষ্ট অভিযন্তা জে এন খাটনিয়াৰে কয়- "উৰণ সেতুখন নিৰ্মাণ কৰোতে যাতে গছবোৰৰ লগতে ভৰলু নৈৰ ক্ষতি নহয়, সেইটো নিশ্চিত কৰিব লাগিব । মূল্যবান গছ-গছনি নকটাকৈ উৰণ সেতু নিৰ্মাণ কৰক। তাত আমাৰ আপত্তি নাই । উৰণ সেতু নিৰ্মাণ কাৰ্যৰ দ্বাৰা ভৰলু নৈৰ ক্ষতি কৰিব নোৱাৰিব ।"

তেওঁ আৰু কয়," গছ নকটাকৈ উৰণ সেতুখন নিৰ্মাণৰ থ্ৰী ডি মডেলিঙৰ সৈতে ধাৰণা ডিজাইন প্ৰস্তুত কৰি মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰিছিলো । মই প্ৰস্তুত কৰা ধাৰণাৰ চিত্ৰটো পৰীক্ষা কৰাৰ পিছত তেওঁ প্ৰস্তাৱটো গ্ৰহণ কৰিছিল । অৱশেষত মই জানিব পাৰিলো যে মুখ্য অভিযন্তা পি ডব্লিউ ডি পথৰ অধীনত এটা অজ্ঞাত সংস্থাৰ দ্বাৰা ডি পি আৰ প্ৰস্তুত কৰা হৈছিল ।"

তেওঁ কয়,"ৰে'ল বিভাগ মোৰ ধাৰণা প্ৰস্তাৱত অতি সন্তুষ্ট আছিল আৰু তেওঁলোকৰ ফালৰ পৰা মুঠ প্ৰকল্প ব্যয়ৰ বিপৰীতে 50 শতাংশ বিনিয়োগৰ বাবে সন্মত হৈছিল । দুৰ্ভাগ্যজনকভাৱে পি ডব্লিউ ডি পথৰ কাৰ্যালয়ৰ পৰা কোনেও মোৰ নিৰ্দেশনা আৰু সহায় বিচৰা নাছিল আৰু মোৰ প্ৰস্তাৱটোৰ বাবে মোৰ সৈতে যোগাযোগ কৰিবলৈ আগ্ৰহী নাছিল ।"

তেওঁ পুনৰ কয়," মই আচৰিত হৈছো যে আমাৰ চহৰৰ ভিতৰত এই ধৰণৰ উন্নয়নমূলক প্ৰকল্পসমূহ জনসাধাৰণৰ সৈতে আলোচনা নকৰাকৈ ৰাজহুৱা শুনানীক উপেক্ষা কৰাটো সাধাৰণ অভ্যাস হৈ পৰিছে । সকলো উন্নয়নমূলক কাম যিকোনো মূল্যতে জনসাধাৰণৰ বাবে বন্ধুত্বপূৰ্ণ আলোচনা হোৱা দৰকাৰ।" মন কৰিবলগীয়া যে এই সন্দৰ্ভত গড়কাপ্টানী বিভাগৰ মুখ্য অভিযন্তাৰ পৰা মতামত বিচৰা হৈছিল যদিও তেওঁ কোনো মতামত দিয়াৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক:বিকল্পৰ সন্ধান মুখ্যমন্ত্ৰীৰ; দীঘলীপুখুৰীৰ পাৰৰ গছবোৰ নাকাটাকৈ উৰণ সেতু নিৰ্মাণৰ চিন্তা

উন্নয়নৰ নামত গুৱাহাটীত তিনি বছৰত কটা হ'ল তিনি হেজাৰ জোপা গছ

Last Updated : Nov 8, 2024, 9:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.