ETV Bharat / state

৮৯১ কিলোমিটাৰ ব্ৰহ্মপুত্ৰ খননৰ ঘোষণা ৭ বছৰে ফাইলতে আৱদ্ধ - DREDGING OF BRAHMAPUTRA

কাৰ্যকৰী নহ'ল বিশেষজ্ঞ কমিটীৰ পৰামৰ্শ ৷ শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ খননৰ বাবে ৪০০ কোটি টকাৰ অনুমোদন দিয়া হৈছিল ।

DREDGING OF BRAHMAPUTRA
৮৯১ কিলোমিটাৰ ব্ৰহ্মপুত্ৰ খননৰ ঘোষণা ৭ বছৰে ফাইলতে আৱদ্ধ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 6:59 PM IST

গুৱাহাটী: প্ৰতিবছৰে বান-গৰাখহনীয়াৰ সৃষ্টি কৰা ব্ৰহ্মপু্ত্ৰক সম্পদৰূপে গঢ়ি তোলা হ’ব বুলি প্ৰতিখন শাসকীয় চৰকাৰে আওঁৰাই আহিছে যদিও সেয়া বাস্তৱত পৰিণত হোৱা নাই । মন কৰিবলগীয়া যে যোৱা ২০১৭ চনতে ২৬ জুলাইত এক ঘোষণাৰ জৰিয়তে তদানীন্তন কেন্দ্ৰীয় পথ আৰু জল পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰতিশ্ৰুতি দিছিল যে ব্ৰহ্মপুত্ৰক শদিয়াৰ পৰা ধুবুৰীলৈকে মুঠ ৮৯১ কিলোমিটাৰ খননৰ বাবে ৪০০ কোটি টকাৰ অনুমোদন দিয়া হৈছে ।

এই খননৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ পৰা সৃষ্টি হোৱা বানপানীৰ এক স্থায়ী সমাধান কৰাৰ কথা তেওঁ সদৰী কৰিছিল । এই প্ৰকল্পৰ লগতে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ কৰাৰো প্ৰতিশ্ৰুতি দিয়া হৈছিল । এই সমগ্ৰ প্ৰকল্পৰ বাবে ৪০০০ কোটি টকা ব্যয় হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল । কিন্তু এই প্ৰতিশ্ৰুতি আজিলৈকে কাৰ্যকৰী নহ'ল ।

Dredging of Brahmaputra
৮৯১ কিলোমিটাৰ ব্ৰহ্মপুত্ৰ খননৰ ঘোষণা ৭ বছৰে ফাইলতে আৱদ্ধ (ETV Bharat Assam)

লগতে পঢ়ক: যেন ওৰকে নপৰে মাজুলীবাসীৰ সমস্যাৰ

বিশেষজ্ঞ কমিটীৰ পৰামৰ্শ ফাইলতে আৱদ্ধ:

উল্লেখ্য যে ৰাজ্যত ব্ৰহ্মপুত্ৰ খননৰ বাবে ২০১৭ চনত অধ্যাপক ড৹ দুলাল চন্দ্ৰ গোস্বামীৰ অধ্যক্ষতাত গঠন হৈছিল এক বিশেষজ্ঞ কমিটী ৷ কমিটীখনে প্ৰয়োজন সাপেক্ষে ঠাই বিশেষে নদীৰ গতিপথত সৃষ্টি হোৱা গেদ নিষ্কাশনৰ বাবে খননৰ পৰামৰ্শ আগবঢ়াইছিল । তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ২০১৭ চনৰ ৪ ডিচেম্বৰত Dredging Corporation of India আৰু ৰাজ্য চৰকাৰৰ মাজত ব্ৰহ্মপুত্ৰ নদীত খনন কৰাৰ বাবে এক চুক্তি স্বাক্ষৰিত হৈছিল । এই প্ৰকল্পৰ বাবে ১৮ কোটি টকা এছ ডি আৰ এফৰ অধীনত নিৰ্দ্ধাৰণ কৰা হৈছিল । কিন্তু এই সকলোবোৰ এই পৰ্যন্ত চৰকাৰী ফাইলতে আৱদ্ধ হৈ আছে ।

চাৰিখন ড্ৰেজাৰৰ দুখনহে কাৰ্যক্ষম:

এই সন্দৰ্ভত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ (আই ডব্লিউ এ আই) ৰ উপ-সঞ্চালক প্ৰবীণ বৰাই কয়- "এই প্ৰকল্পৰ কোনো কাম এতিয়ালৈকে আৰম্ভ কৰা হোৱা নাই । এই বিষয়ে জলসম্পদ বিভাগে বিস্তৃতভাবে ক'ব পাৰিব । আভ্যন্তৰীণ জল-পৰিবহণ প্ৰাধিকৰণে ব্ৰহ্মপুত্ৰৰ জলপথ সুচল কৰাৰ বাবেহে খনন কাৰ্য কৰি আছে ।"

লগতে পঢ়ক: মাজুলীত পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ৰ’পেক্স

তেওঁ কয় যে আভ্যন্তৰীণ জল-পৰিবহণ প্ৰাধিকৰণে ব্ৰহ্মপুত্ৰৰ জলপথ সুচল কৰাৰ বাবে ধুবুৰীৰ পৰা মাজুলীৰ নিমাতী ঘাটলৈ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ গভীৰতা 2.5 মিটাৰ কৰি ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । যিবোৰ ঠাইত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ গভীৰতা 2.5 মিটাৰতকৈ কম আছে সেইবোৰ ঠাইত খননকাৰ্য চলোৱা হৈছে ।

ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ (আই ডব্লিউ এ আই) ৰ উপ-সঞ্চালকগৰাকীয়ে লগতে কয় যে ধনশিৰি নদীত কাৰ্গো চলাচল সুচল কৰাৰ বাবে খননকাৰ্য সম্পন্ন কৰা হৈছে। শেহতীয়াকৈ বগীবিলত খনন কৰাৰ কথা আছিল । কিন্তু জৰুৰী প্ৰয়োজন হোৱা বাবে নিমাতীঘাটৰ পৰা কমলাবাৰী ঘাটলৈ জাহাজ চলাচল সুচল কৰাৰ বাবে দুখন ড্ৰেজাৰেৰে নিমাতীঘাটত ব্ৰহ্মপুত্ৰত খনন কৰি থকা হৈছে । তেওঁ কয়- "ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধীনত অসমত চাৰিখন ড্ৰেজাৰ আছে যদিও দুখন মেৰামতিৰ পৰ্যায়ত আছে । কলকাতাত এই দুখন মেৰামতিৰ বাবে পঠোৱা হৈছিল । কিন্তু বাংলাদেশৰ ৰাজনৈতিক পৰিৱেশৰ বাবে এই দুখন অসমলৈ আনিব পৰা হোৱা নাই ।"

লগতে পঢ়ক: গুটিয়া ফেৰীৰে বিপদসংকুল যাত্ৰা মাজুলীবাসীৰ; যন্ত্ৰচালিত নাৱেৰে মাজুলীত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.