ETV Bharat / state

বিদেশৰ বজাৰ দখল কৰিবলৈ সাজু নলবাৰীৰ ৰঙালাও - NALBARI RED PUMPKIN EXPORT

শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মৰ ৰঙালাওৰ ৰপ্তানি আৰম্ভ । ২৫-৩০ লাখ টকা উপাৰ্জনৰ আশা কৃষকৰ ।

NALBARI RED PUMPKIN EXPORT
বিদেশৰ বজাৰ দখল কৰিবলৈ সাজু নলবাৰীৰ ৰঙালাও (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 7:04 PM IST

নলবাৰী : নলবাৰী জিলাৰ ৫ বন্ধুৰ কৃষি বিপ্লৱ । বন্ধুকেইজনৰ নেতৃত্বত আৰম্ভ হোৱা শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মৰ ৰঙালাও আজি ৰপ্তানি হৈছে বিদেশলৈ । জৈৱিক কৃষি ফাৰ্মখন এতিয়া ৰাজ্যৰ ভিতৰতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । ৰঙালাও বিক্ৰী কৰিয়ে তেওঁলোকে বছৰি উপাৰ্জন কৰিছে ২৫-৩০ লাখ টকা । এইবাৰো তেনেধৰণৰ লাভৰে আশা কৰিছে ফাৰ্মখনৰ কৃষকসকলে ।

শংকৰদেৱ জৈৱিক কৃষি ফাৰ্ম

বিদেশৰ বজাৰ দখল কৰিবলৈ সাজু নলবাৰীৰ ৰঙালাও (ETV Bharat)

নলবাৰী জিলাৰ প্ৰাকৃতিক পৰিৱেশ আৰু কৃষি সম্ভাৱনাৰ পৰাই উদ্ভৱ হৈছে কৃষি বিপ্লৱৰ । এই বিপ্লৱৰ আশাতে শিক্ষিত আৰু উদ্যমী যুৱকৰ নেতৃত্বত শংকৰদেৱ জৈৱিক কৃষি ফাৰ্ম গঠন কৰা হৈছিল । পংকজ কলিতাৰ নেতৃত্বত আৰম্ভ হৈছিল এই ফাৰ্মখন । গণেশ মন্দিৰৰ পৰা প্ৰায় ২ কিলোমিটাৰ দূৰত্বত পাগলাদিয়া ৰিজৰ্টত আৰম্ভ হৈছিল এই ফাৰ্ম । য'ত ১০০ বিঘাৰো অধিক ভূমিত উন্নতমানৰ ৰঙালাওৰ খেতি কৰা হৈছে ।

বিদেশৰ বজাৰত নলবাৰীৰ ৰঙালাওৰ চাহিদা

ফাৰ্মৰ আৰম্ভণিৰ পৰাই বাণিজ্যিক সফলতা গুৰুত্বপূৰ্ণ হৈ আহিছে । প্ৰতিবছৰে ৰঙালাও বিক্ৰী কৰি প্ৰায় ২৫-৩০ লাখ টকা উপাৰ্জন কৰে কৃষকসকলে । স্থানীয় ১৫-২০ গৰাকী ব্যক্তিক কৰ্ম সংস্থাপন দিবলৈও সক্ষম হৈছে এই ফাৰ্মখনে । শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মৰ ৰঙালাও এতিয়া স্থানীয় বজাৰৰ লগতে আন্তৰ্জাতিক বজাৰতো পৰিচিত হৈ পৰিছে । বিশেষকৈ ভুটান, বাংলাদেশ আদি দেশলৈও ইয়াৰ ৰঙালাও ৰপ্তানি কৰা হয় ।

ৰঙালাওৰ ৰপ্তানি আৰম্ভ

এই ৰপ্তানিৰ ধাৰা অব্যাহত ৰাখি এইবাৰো ৮ নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰে শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মে আনুষ্ঠানিকভাৱে ৰঙালাওৰ ৰপ্তানিৰ শুভাৰম্ভ কৰে । এই অনুষ্ঠানত উপস্থিত থাকে অসম কৃষি আৰু উদ্যান শষ্য বিভাগৰ বিষয়া মৃদুল ডেকা । বিষয়াগৰাকীয়ে এই ফাৰ্মৰ কৃষকসকলৰ উচ্চ প্ৰশংসা কৰে । উন্নত কৃষি পদ্ধতিৰ প্ৰয়োজনীয়তা আৱশ্যক বুলিও তেওঁ উল্লেখ কৰে । ইফালে ৰঙালাওৰ উপৰিও কৃষি ফাৰ্মখনত অমিতাৰ খেতিও কৰা হৈছে । ৰপ্তানি কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে ফাৰ্মখনৰ কৃষকসকলে এইবছৰো ভাল লাভ আশা কৰিছে ।

লগতে পঢ়ক :দাৱনীৰ ৰূপত অতুল বৰা, ল'লে ৰবাব টেঙাৰ জুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.