thumbnail

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 7:09 AM IST

ETV Bharat / Videos

চিলাপথাৰত আবতৰীয়া দীপাৱলী, চাৰি ৰাজ্যৰ ফলাফলক লৈ আনন্দ উল্লাস বিজেপি কৰ্মীৰ

জোনাই, 4 ডিচেম্বৰ : দেওবাৰে প্ৰকাশ পোৱা চাৰি ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পাচতে বিজেপি কৰ্মীসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেওবাৰে ধেমাজি জিলাৰ চিলাপথাৰতো বিজেপি কৰ্মীৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গ’ল ৷ চিলাপথাৰ ৰাজ্যিক বাছ আস্থানত ফটকা ফুটাই আবতৰীয়া দীপাৱলী পালন কৰা দেখা গ'ল বিজেপি কৰ্মীসকলক ৷

আনহাতে ‘24 ত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোদীকে দেশৰ জনগনে নিৰ্বাচিত কৰিব বুলি উল্লেখ কৰে বিজেপিৰ কৰ্মীসকলে ৷ আনহাতে জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামানে কয় যে,  দেশৰ উন্নয়নৰ লগতে মহিলাৰ সুৰক্ষাৰ বাবে মোদী চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ সমগ্ৰ দেশতে নহয়, সমগ্ৰ বিশ্বতে ভাৰতৰ নাম পৰিচিত হৈ পৰিছে কেৱল প্ৰধানমন্ত্ৰী মোদীৰ বাবে ৷

লগতে পঢ়ক : কৰ্মচাৰীৰ সৈতে নহয়, অফিচিয়েল কাম-কাজৰ আলোচনা কৰে স্বামীৰ সৈতে !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.