thumbnail

Demand for a satellite sate: হিন্দু বঙালীৰ বাবে উপগ্ৰহীয় ৰাজ্যৰ দাবী বিজেপি বিধায়কৰ

By

Published : Apr 21, 2023, 7:49 PM IST

বাক্সা, 21 এপ্ৰিল: হিন্দু বঙালী সম্প্ৰদায়ৰ সুৰক্ষা তথা অস্তিত্ব সুনিশ্চিত কৰিবৰ বাবে এখন উপগ্ৰহীয় ৰাজ্য স্থাপনৰ পোষকতা হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ ৷ দেশৰ স্বাধীনতা আন্দোলনত বলিদান আগবঢ়োৱা হিন্দু বঙালীসকল বৰ্তমান বহুক্ষেত্ৰত বঞ্চিত হৈ থকা বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সমালোচনা কৰি তেওঁ কয় যে, যদি হিন্দু বঙালীসকলৰ অস্তিত্ব ধৰি ৰাখিব বিচৰা হৈছে তেন্তে সকলোকে একগোট কৰাত আগভাগ ল’ব লাগে আৰু এখন উপগ্ৰহীয় ৰাজ্য স্থাপন কৰিব লাগে (Demand for a satellite sate) ৷  

আনহাতে, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ এগৰাকী নেতাই উল্লেখ কৰা অনুসৰি অসমত থকা হিন্দু বাঙালীসকলৰ সমস্যা বহুদিনীয়া ৷ দেশ স্বাধীন হোৱাৰ পিচতে হিন্দুসকলক দ্বিখণ্ডিত কৰা হ’ল ৷ বঙালী হিন্দুসকলৰ ডি ভোটাৰৰ সমস্যা, মাটিৰ অধিকাৰ তথা ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা ৰাজনৈতিক দল সমূহে আগভাগ ল’ব লাগিব বুলি তেওঁ উল্লেখ কৰে (Bengali organisation in Assam) ৷ 

ইয়াৰ লগতে অসমত অসমীয়া আৰু হিন্দু বঙালীসকলৰ মাজত পূৰ্বৰে পৰা একতা অটুট থকা বুলি উল্লেখ কৰি তেওঁ কয় যে, নতুনকৈ দুয়োটা জাতিৰ মাজত সমন্বয় পৰিচয় কৰোৱাৰ প্ৰয়োজনীয়তা নাই ৷ ইয়াৰ দ্বাৰা বাঙালী গামোচা আৰু অসমীয়া বিহুৱান জোৰা লগাই একাংশই সমন্বয় গঢ়িব খোজা বিষয়টোক অপ্ৰয়োজনীয় বুলি কয় নেতাগৰাকীয়ে (Problems of Hindu Bengalis in Assam) ৷  

লগতে পঢ়ক: Ankita Dutta controversy: অংকিতা দত্তৰ বিতৰ্ক সন্দৰ্ভত তদন্তৰ পোষকতা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.