thumbnail

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 10:12 PM IST

ETV Bharat / Videos

BJP joining meeting:টীয়কত বিজেপিৰ যোগদান কাৰ্যসূচীত সাংসদ তপন কুমাৰ গগৈ

টীয়ক, ২৯ ছেপ্টেম্বৰঃ টীয়ক সমষ্টিৰ অন্তৰ্গত ৫নং টীয়কৰ পূব টীয়ক গাঁও পঞ্চায়তৰ অধীনস্থ চিনাতলী গাঁৱত বিজেপি কলিয়াপানী মণ্ডলৰ উদ্যোগত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । বিজেপিৰ জিলা সভাপতি হেমন্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই যোগদান সভাত যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা,মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,জিলা বিজেপিৰ সাধাৰণ সম্পাদক অমৰ শইকীয়া,কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি ৰাতুল বৰাকে প্ৰমুখ্য কৰি ভালেসংখ্যক কৰ্মকৰ্তা উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।  

উক্ত যোগদান সভাত বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ প্ৰায় অৰ্ধ শতাধিক বিভিন্ন দলৰ কৰ্মকৰ্তাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে । উল্লেখযোগ্য যে উক্ত সভাতে ৰাইজৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি বৰালিমৰাত এখন পকী দলং অহা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে  সাংসদ তপন কুমাৰ গগৈয়ে ।  ইয়াকেলৈ এতিয়া নৈপৰীয়া ৰাইজ উৎফুল্লিত হৈ পৰিছে ।

লগতে পঢ়ক:NSCN Cadre Jailed: ড্ৰাগছ সৰবৰাহকাৰী NSCN কেডাৰক ২০ বছৰ কাৰাদণ্ড নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.