ভাৰতৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি জন্মদিন, গুৱাহাটীতো বাজপেয়ীক শ্ৰদ্ধাৰে স্মৰণ - birth anniversary Celebration

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 2:34 PM IST

Updated : Dec 25, 2023, 3:02 PM IST

গুৱাহাটী, 25 ডিচেম্বৰ : ভাৰতৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি জন্মদিন ৷ সেই উপলক্ষে আজি সমগ্ৰ দেশতে সু-শাসন দিৱস অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে গুৱাহাটীৰ মালিগাঁৱৰ অমৃত উদ্যানতো অনুষ্ঠিত কৰা হয় সু-শাসন দিৱস । উক্ত অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আনহাতে আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্ত্তিৰ আধাৰশিলা স্থাপন কৰে ।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ভাৰতৰ যুগজয়ী সন্তান, ভাৰতীয় জনতা পাৰ্টিৰ কোটি কোটি কাৰ্যকৰ্তাৰ পথ প্ৰদৰ্শক প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ভাৰতীয় ৰাজনীতিক ৰাষ্ট্ৰবাদ আদৰ্শৰ এক সুকীয়া স্থানত উপনীত কৰাইছিল ৷ অসমৰ প্ৰতি তেওঁৰ অৱদান অতুলনীয় ৷ তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ড’নাৰ মন্ত্ৰালয় গঠন কৰিছিল ।

লগতে পঢ়ক : গুৱাহাটীৰ দক্ষিণ কালাপাহাৰ বনাঞ্চলত চলিব উচ্ছেদ অভিযান

Last Updated : Dec 25, 2023, 3:02 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.