ষঠ পূজাৰ ঘাটৰ পৰা পালচাৰ বাইক লৈ উধাও চোৰ
🎬 Watch Now: Feature Video
গোলাঘাট, 20 নৱেম্বৰ : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাটতো ব্যাপক উল্লাস উদ্দীপনাৰ মাজেৰে ষঠ পূজা উদযাপন কৰা হৈছে ৷ গোলাঘাট নগৰৰ ধনশিৰি নদীৰ ঘাটত আয়োজিত ষঠ পূজা ঘাটৰ পৰা পালচাৰ বাইক লৈ উধাও হয় বাইক চোৰ ৷ থুৰামুখৰ গৌতম গগৈ নামৰ যুৱকজনৰ বাজাজ পালচাৰ বাইকখন লৈ চোৰ উধাও হয় ৷ চুৰি হোৱা বাজাজ পালচাৰখনৰ নম্বৰ AS 05 R 4413 বুলি জানিব পৰা গৈছে ৷
বাইকখন হেৰুৱাই আবেগিক হৈ পৰিছে পৰিয়ালটো ৷ আনহাতে এই পবিত্ৰ ষঠ পূজাত আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ পিচতো কেনেদৰে এই চুৰিকাণ্ড সংঘটিত হৈছে সেয়াহে এক ডাঙৰ প্ৰশ্ন ? ইতিমধ্যে ভুক্তভোগী যুৱকজনে গোলাঘাট সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিছে ৷ আৰক্ষীয়ে চোৰ বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: ভূমি কেন্দ্ৰীক সংঘাত; কণিষ্ঠ ভাতৃৰ আক্ৰমণত আহত জ্যেষ্ঠ ভাতৃ