ETV Bharat / state

ৰহালৈ আহক, এবাৰ আপুনিও চাই যাওকহি ভগৱানৰ ব্যতিক্ৰমী ভেলাঘৰ - EXCEPTIONAL BHELAGHAR IN NAGAON

এখন গীটাৰ আৰু তাৰ ওপৰত বিলুপ্তপ্ৰায় শগুণ, বৰটোকোলা আৰু দেওহাঁহে যেন জীৱন্ত ৰূপ পাইছে ভগৱানৰ হাতৰ পৰশত !

UNIQUE BHELAGHAR  IN NAGAON
শিল্পী ভগৱান সেনাপতিয়ে নিৰ্মাণ কৰিছে ব্যতিক্ৰমী ভেলাঘৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2025, 5:04 PM IST

নগাঁও/ৰহা: চৌদিশে এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আকৰ্ষণীয় ভেলাঘৰ নিৰ্মাণ কৰি ভোগালী বিহু উদযাপন কৰিবলৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া । ইয়াৰ মাজতেই নগাঁৱত ভগৱানৰ ভেলাঘৰে দৃষ্টি আকৰ্ষণ কৰিছে ৰাজ্যবাসীৰ ।

বিগত কেইবা বছৰ ধৰি নগাঁৱৰ শিল্পী ভগৱানৰ হাতৰ পৰশত ৰহাৰ আননিশালীৰ পথাৰত যেন প্ৰাণ পাই আহিছে অসমৰ বিভিন্ন ঐতিহাসিক স্থান, প্ৰকৃতি সুৰক্ষা বা বিলুপ্তপ্ৰায় চৰাইৰ বিষয়বস্তুৱে । এই শিল্পীগৰাকী হৈছে নগাঁৱৰ ৰহাৰ ভগৱান সেনাপতি । বিগত প্ৰায় দহ বছৰৰো অধিক সময় ধৰি ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ আমনিশালীত ব্যতিক্ৰৰ্মী বিষয়বস্তু লৈ ভেলাঘৰ নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এইগৰাকী শিল্পীয়ে । প্ৰতিবছৰৰ দৰে এই বছৰো ভোগালী উদযাপনৰ বাবে ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ভগৱান সেনাপতিয়ে ।

শিল্পী ভগৱান সেনাপতিয়ে নিৰ্মাণ কৰিছে ব্যতিক্ৰমী ভেলাঘৰ (ETV Bharat Assam)

কি বিষয়বস্তুৱে স্থান পাইছে ভগৱানৰ ভেলাঘৰত ?

প্ৰতি বছৰৰ দৰে এইবাৰো এক আকৰ্ষণীয় বিষয়বস্তু লৈ ৰহাৰ আমনিশালীত ভেলাঘৰ নিৰ্মাণ কৰিছে নগঁঞা শিল্পী ভগৱান সেনাপতিয়ে । তেওঁ অসমৰ বিলুপ্তপ্ৰায় পক্ষীৰ আৰ্হিত এইবেলি ভেলাঘৰ নিৰ্মাণ কৰিছে । এখন গীটাৰ আৰু তাৰ ওপৰত বিলুপ্তপ্ৰায় চৰাই শগুণ, বৰটোকোলা আৰু দেওহাঁহে যেন জীৱন্ত ৰূপ পাইছে ভগৱানৰ হাতৰ পৰশত ! গীটাৰৰ ওপৰতে আশ্ৰয় লৈ থকা অৱস্থাত বিলুপ্তপ্ৰায় শগুণ, বৰটোকোলা আৰু দেওহাঁহৰ আৰ্হিৰে ভোগালীৰ ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে শিল্পীগৰাকীয়ে ।

UNIQUE BHELAGHAR  IN NAGAON
এখন গীটাৰ আৰু তাৰ ওপৰত বিলুপ্তপ্ৰায় শগুণ, বৰটোকোলা, দেওহাঁহৰ প্ৰতীকী (ETV Bharat Assam)

বিগত বৰ্ষৰ ১৫ ডিচেম্বৰৰ পৰাই ৰহাৰ আমনিশালীত এই ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলি কয় শিল্পী ভগৱান সেনাপতিয়ে । প্ৰায় এমাহজোৰা প্ৰচেষ্টাৰ অন্তত ভোগালীৰ প্ৰাকমুহূৰ্তত অৰ্থাৎ শনিবাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় বিলুপ্তপ্ৰায় চৰাইৰ আৰ্হিৰ ভেলাঘৰটোৰ নিৰ্মাণৰ কাম । ভেলাঘৰটো নিৰ্মাণত শিল্পী ভগৱান সেনাপতিক ৬ গৰাকীকৈ লোকে সহযোগ কৰা বুলিও ই টিভি ভাৰতক তেওঁ জানিবলৈ দিয়ে ।

এই ভেলাঘৰটো নিৰ্মাণত প্ৰায় ৭০ হাজাৰ টকা ব্যায় হোৱা বুলি উল্লেখ কৰি শিল্পী ভগৱান সেনাপতিয়ে কয়, "সম্পূৰ্ণ নিজা খৰচত ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ভেলাঘৰ নিৰ্মাণ কৰি মই নিজে বহু সুখ অনুভৱ কৰো ।" লগতে বিলুপ্তপ্ৰায় চৰাইৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি শগুণ, বৰটোকোলা আদি বিলুপ্তপ্ৰায় চৰাইৰ সুৰক্ষা তথা সংৰক্ষণৰ বাবে আহ্বান জনাই শিল্পীগৰাকীয়ে ।

ভগৱান সেনাপতিৰ ভেলাঘৰক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য :

UNIQUE BHELAGHAR  IN NAGAON
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শিল্পী ভগৱান সেনাপতি (ETV Bharat Assam)

ৰহাৰ আমনিশালীত শিল্পীগৰাকীয়ে নিৰ্মাণ কৰা ব্যতিক্ৰমী তথা আকৰ্ষণীয় ভেলাঘৰ চাবলৈ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ পৰাই আমনিশালীত ভিৰ কৰিছে বিভিন্নজনে । আনকি ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যোৱা প্ৰতিগৰাকী লোকে এপলক হ'লেও চাই গৈছে ভগৱান সেনাপতিৰ এই ব্যতিক্ৰমী ভেলাঘৰটো । ভগৱান সেনাপতিৰ এই ভেলাঘৰ চাবলৈ শুক্ৰবাৰে ৰহাৰ আমনিশালীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও । আমনিশালীৰ পথাৰত ভগৱান সেনাপতিয়ে নিৰ্মাণ কৰা গীটাৰ, শগুণ, বৰটোকোলা আৰু দেওহাঁহৰ আৰ্হিৰ ভেলাঘৰ প্ৰত্যক্ষ কৰি শিল্পী ভগৱান সেনাপতিৰ এনে প্ৰচেষ্টাৰ শলাগ লয় মুখ্যমন্ত্ৰীয়ে ।

কেতিয়া কি বিষয়বস্তু লৈ ভেলাঘৰ নিৰ্মাণ কৰিছিল ?

বিগত প্ৰায় দহ বছৰৰো অধিক সময় ধৰি নগাঁৱৰ ৰহাৰ আমনিশালীত ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণেৰে ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে ভগৱান সেনাপতিয়ে । শিল্পীগৰাকীয়ে উল্লেখ কৰা মতে, ২০১২ চনত ৰহাৰ আমনিশালীত প্ৰথমবাৰৰ বাবে ৰংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি বিভিন্নজনৰ প্ৰশংসাৰ পাত্ৰ হৈছিল । প্ৰথমবাৰৰ পদক্ষেপত ৰাইজৰ পৰা লাভ কৰা সঁহাৰিত উৎসাহিত হৈ পৰৱৰ্তী ২০১৩ চনতো টাইটানিকৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি পুনৰ ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় ।

একেদৰে ২০১৪ চনত বীণা, ২০১৫ চনত বিলুপ্তপ্ৰায় ঈগল চৰাই, ২০১৬ চনত শান্তিৰ কপৌৰ আৰ্হিত নিৰ্মাণ কৰিছিল ভেলাঘৰ । প্ৰকৃতিক ভালপোৱা শিল্পীগৰাকীয়ে ২০১৭ চনৰ পৰা ২০১৯ চনলৈকে একেৰাহে তিনিবছৰ অসম গৌৰৱ এশিঙীয়া গঁড়ৰ আৰ্হিত গঁড় সুৰক্ষাৰ আহ্বানেৰে ভেলাঘৰ নিৰ্মাণ কৰিছিল । ২০২০ চনতো 'গছ থাকিলেহে মানুহ থাকিব' এই বিষয়বস্তু লৈ প্ৰকৃতি সুৰক্ষাৰ ওপৰত ভেলাঘৰ নিৰ্মাণ কৰিছিল ।

পৰৱৰ্তী সময়ত ক'ভিডে সমগ্ৰ বিশ্বতেই কালৰূপ ধাৰণ কৰাৰ সময়তো ২০২১ আৰু ২০২২ চনত কৰ'ণা ভাইৰাছ আৰু কৰ'ণাৰ প্ৰতিষেধকৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্যেশ্যে ভাইৰাছ আৰু ভেকচিনৰ বিষয়বস্তু লৈ ভগৱান সেনাপতিয়ে নিৰ্মাণ কৰিছিল ভেলাঘৰ । একেদৰে ২০২৩ আৰু ২০২৪ চনত হাতী-মানুহৰ সংঘাত আৰু সংঘাত ৰোধৰ বিষয়বস্তু লৈ ভেলাঘৰ নিৰ্মাণ কৰিছিল ভগৱান সেনাপতিয়ে ।

কি কয় স্থানীয় লোকে ?

বিগত প্ৰায় দহ বছৰৰো অধিক সময় ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ কৰা শিল্পী ভগৱান সেনাপতিক এতিয়া প্ৰশংসাৰে ওপচাইছে স্থানীয় লোকে। ৰহা অঞ্চলৰ লগতে কাষৰীয়া অঞ্চলৰ লোকো এতিয়া ভগৱান সেনাপতিৰ এনে পদক্ষেপৰ বাবে গৌৰৱান্বিত বুলি বহুতেই জানিবলৈ দিছে ই টিভি ভাৰতক । এই সন্দৰ্ভত ৰহাৰ হাতীচোং কুঁজীডাহ অঞ্চলৰ সমাজকৰ্মী ৰঞ্জন বাৰই কয়, "শিল্পী ভগৱান সেনাপতিয়ে বিগত কেইবাবছৰ ধৰি ব্যতিক্ৰমী থিম লৈ ভেলাঘৰ নিৰ্মাণ কৰি সমগ্ৰ অঞ্চলটোৰেই সুনাম কঢ়িয়াই আনিছে । কেৱল এয়াই নহয়, ভগৱান সেনাপতিয়ে ভেলাঘৰ নিৰ্মাণৰ জড়িয়তে অসম গৌৰৱ এশিঙীয়া গঁড়, প্ৰকৃতি সুৰক্ষা, বিলুপ্তপ্ৰায় চৰাই আদি সুৰক্ষাৰ আহ্বান জনাই ভগৱান সেনাপতিয়ে প্ৰকৃতিপ্ৰেমৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে ।"

উল্লেখ্য় যে প্ৰতিবছৰেই শিল্পী ভগৱান সেনাপতিয়ে নিজৰ পকেটৰ ধন ব্য়য় কৰি এইদৰে ব্যতিক্ৰমী চিন্তাৰে নিৰ্মাণ কৰি আহিছে ভোগালীৰ ভেলাঘৰ । ভেলাঘৰ নিৰ্মাণত কেৱল নৰা আৰু বাঁহ ব্যৱহাৰ কৰা বুলি তেওঁ কয় ।

লগতে পঢ়ক:জীৱনক লৈ শংকা: তথাপিও এৰা নাই ৫০০ বছৰীয়া পৰম্পৰা - UNIQE BHELAGHAR

বজাৰত উপলব্ধ মেজি-ভেলাঘৰ - READY MADE MEJI AND BHELAGHAR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.