ETV Bharat / state

আপোনাৰো মনত পৰি যাব এটি কলি-দুটি পাতৰ মাজৰ সেই চামেলীজনীলৈ... - ASSAM TEA TOURISM

অসম চাহ পৰ্যটন উন্নয়ন আঁচনিৰ অধীনত পুনঃনিৰ্মাণ কৰা হৈছে শিয়ালকাটি চাহ বাগিচাত থকা ঐতিহাসিক বাংলোটো ।

Assam Tea Tourism Development Scheme
আপোনাৰো মনত পৰি যাব এটি কলি-দুটি পাতৰ মাজৰ সেই চামেলীজনীলৈ... (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2025, 5:51 PM IST

ডিব্ৰুগড় : অসমৰ চাহ পৃথিৱী বিখ্যাত । এই চাহৰ লগতে অসমৰ সমাজ জীৱন আৰু অৰ্থনৈতিক ব্যৱস্থা বহু পৰিমাণে জড়িত । ইংৰাজৰ শাসনকালতে অসমত চাহ খেতি আৰু চাহ উদ্যোগ আৰম্ভ হৈছিল আৰু সেই চাহে বৰ্তমান সময়ত অসমৰ অৰ্থনীতি শক্তিশালী কৰিছে ।

ব্ৰিটিছসকলে চাহ বাগিচা স্থাপন কৰি নিৰ্মাণ কৰিছিল বাংলো । কালক্ৰমত চাহ বাগিচাসমূহৰ মালিক, পৰিচালক সলনি হোৱাত নতুনত্ব আহিল চাহ বাগিচাসমূহলৈ । কিন্তু ইয়াৰ মাজতো অসমৰ কিছু কিছু বাগিচাত আজিও দেখিবলৈ পোৱা যায় স্বাধীনতাৰ পূৰ্বৰ ব্ৰিটিছৰ দিনৰ ঐতিহাসিক স্মৃতি । ঠিক তেনেদৰে চাহ বাগিচাৰ মাজত আজিও জিলিকি আছে ইংৰাজে নিৰ্মাণ কৰা বাংলো ।

আপোনাৰো মনত পৰি যাব এটি কলি-দুটি পাতৰ মাজৰ সেই চামেলীজনীলৈ... (ETV Bharat Assam)

ব্ৰিটিছসকলে নিৰ্মাণ কৰা চাহ বাগিচাৰ মাজত থকা তেনেকুৱা এটা বাংলো চাবলৈ আপুনি আহিব লাগিব ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মধ্যভাগত অৱস্থিত চাবুৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা শিয়ালকাটি চাহ বাগিচালৈ । ভাৰত স্বাধীন হোৱাৰ পূৰ্বে অৰ্থাৎ ১৯৩১ চনতে ব্ৰিটিছে নিৰ্মাণ কৰা বাংলোটো আজিও ব্যৱহাৰোপযোগী হৈ আছে । ইংৰাজ শাসনৰ স্মৃতি জড়িত বাংলোটো সংৰক্ষণৰ চিন্তা কৰিছে ৰাজ্য চৰকাৰে । চাহ পৰ্যটন আঁচনিৰ অধীনত বাংলোটো পুনঃনিৰ্মাণৰ ব্যৱস্থা কৰিছে চৰকাৰে । 'অসম চাহ পৰ্যটন উন্নয়ন আঁচনি'ৰ অধীনত বাংলোটোৰ পুনঃনিৰ্মাণৰ কাম-কাজ ইতিমধ্যে আৰম্ভ কৰা হৈছে । কিছুদিন পূৰ্বে অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই বাংলোটোত উপস্থিত হৈ কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈছে ।

ব্ৰিটিছে কেনেকৈ নিৰ্মাণ কৰিছিল বাংলোটো ?

শিয়ালকাটি চাহ বাগিচাত ১৯৩১ চনতে ব্ৰিটিছে নিৰ্মাণ কৰা বাংলোটো আজিও অতি সুন্দৰ ৰূপত আছে । বাগিচা কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি ব্ৰিটিছে দুমহলীয়া বাংলোটোৰ খুটাবোৰ লোৰ, বেৰবোৰ বাঁহৰ য'ত চিমেণ্টৰ প্ৰলেপ আছে আৰু মজিয়া কাঠেৰে নিৰ্মাণ কৰিছিল । স্বাধীনতাৰ পূৰ্বে নিৰ্মাণ কৰা ঘৰটোৰ খুটাবোৰ সলনি নকৰাকৈয়ে পুনঃনিৰ্মাণৰ কাম কৰিছে চৰকাৰ আৰু বাগিচা কৰ্তৃপক্ষই । বাংলোটোৰ ভিতৰত আজিও ব্ৰিটিছসকলে ব্যৱহাৰ কৰা দুই এবিধ সামগ্ৰী দেখিবলৈ পোৱা যায় ।

ব্ৰিটিছে নিৰ্মাণ কৰা বাংলোটো সংৰক্ষণ কৰিব চৰকাৰে :

শেহতীয়াকৈ ৰাজ্য চৰকাৰে পৰ্যটন ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছে । কিয়নো দেশী-বিদেশী পৰ্যটক আকৰ্ষিত হ'লেই আৰ্থিকভাৱে লাভাম্বিত হ'ব চৰকাৰ । সেয়ে ঐতিহাসিক ক্ষেত্ৰৰ লগতে স্মৃতি বিজড়িত সম্পদ সংৰক্ষণ কৰিবলৈ চৰকাৰে চেষ্টা চলাইছে । চাহ বাগিচাৰ মাজত জিলিকি থকা ইংৰাজে নিৰ্মাণ কৰা বাংলোটো বহুতৰ বাবে হৈ পৰিব আকৰ্ষণৰ কেন্দ্ৰবিন্দু । সেয়ে চাহ বাগিচাৰ কৰ্তৃপক্ষৰ সৈতে চুক্তিবদ্ধ হৈ অসম চাহ পৰ্যটন উন্নয়ন আঁচনিৰ অধীনত বাংলোটো পুনঃনিৰ্মাণৰ বাবে চেষ্টা কৰিছে চৰকাৰে । আগন্তুক দিনত ইয়াত পৰ্যটকসকলে আহি অত্যাধুনিক প্ৰযুক্তিগত কোঠালিৰ লগতে ছুইমিং পুল, ৰেষ্টুৰেণ্ট আদিৰ সুবিধা লৈ চাহ বাগিচাৰ মাজত থাকি ভাল লগা সময় উপভোগ কৰিব পাৰিব । ৰাজ্য চৰকাৰৰ এই পদক্ষেপে ৰাজ্যখনৰ পৰ্যটনৰ দিশটোক নতুন গতি দিব বুলি আশা কৰিছে সকলোৱে ।

কলকাতাৰ পৰা অনা হৈছে শ্ৰমিক

ঐতিহাসিক বাংলোটো থকা শিয়ালকাটি চাহ বাগিচাখন বৰ্তমান স্বনন্দা চাহ কোম্পানীৰ অধীনত পৰিচালিত হৈ আছে । বাংলোটোৰ সম্পৰ্কত বাগিচাৰ পৰিচালক বৈকুণ্ঠ শইকীয়াই কয়, "অসম চৰকাৰে বাগিচা কৰ্তৃপক্ষৰ সৈতে চুক্তিবদ্ধ হৈ অসম চাহ পৰ্যটন উন্নয়ন আঁচনিৰ জৰিয়তে চাহ পৰ্যটনৰ কাম কৰিবলৈ চেষ্টা কৰিছে । বাংলোটোৰ পুনঃনিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰ আৰু বাগিচা কৰ্তৃপক্ষই ধন বিনিয়োগ কৰিব । দুটা মহলাৰ বাংলোটোত অতিথিৰ বাবে কেইবাটাও কোঠা থকাৰ লগতে বাৰ, ৰেষ্টুৰেণ্ট আৰু ছুইমিং পুল থাকিব । চাহ পৰ্যটকসকলৰ বাবে এই বাংলোটো পুনঃনিৰ্মাণ কৰা হৈছে যদিও স্থানীয় ৰাইজেও প্ৰয়োজন অনুসৰি ইয়াক ব্যৱহাৰ কৰিব পাৰিব । ব্ৰিটিছৰ দিনৰ বাংলোটো পুনঃনিৰ্মাণৰ বাবে কলকতাৰ পৰা অহা ১০ৰ পৰা ১৫ জন মিস্ত্ৰীয়ে কাম কৰি আছে ।"

লগতে পঢ়ক :বসুন্ধৰা ৩.০ : গুৱাহাটীৰ পট্টাহীন ৯০ শতাংশই কৰিব নোৱাৰিলে আবেদন - MISSION BASUNDHARA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.