ETV Bharat / technology

ভাৰতত মুকলি হ’ল কৃত্ৰিম বুদ্ধিমত্তা এপ - Grok - GROK AI APP IN INDIA

ইলন মাস্কে তেওঁৰ AI এপ Grok ৰ বাবে এটা এপ মুকলি কৰিছে, যিটো বৰ্তমান কেৱল iOS ডিভাইচৰ বাবেহে উপলব্ধ ।

grok-ai-app-launched-for-ios-devices-in-india-to-compete-with-chatgpt-copilot-gemini
ভাৰতত মুকলি হ’ল কৃত্ৰিম বুদ্ধিমত্তা এপ - Grok (xAI)
author img

By ETV Bharat Tech Team

Published : Jan 12, 2025, 5:13 PM IST

হায়দৰাবাদ: ইলন মাস্কে তেওঁৰ এআই প্লেটফৰ্ম গ্ৰ’কৰ বাবে এটা নতুন এপ মুকলি কৰিছে, যিটো 11 জানুৱাৰীৰ পৰা ভাৰত আৰু আমেৰিকাকে ধৰি কেইবাখনো দেশৰ আইফোন আৰু আইপেড ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ কৰা হৈছে । এতিয়াৰে পৰা এপল এপ ষ্ট’ৰত ডাউনলোড কৰিব পৰা যাব Grok AI App টো । ইয়াৰ আগতে Grok AI ৰ বাবে কোনো পৃথক এপ নাছিল, ইয়াৰ পৰিৱৰ্তে মানুহে ইয়াক ব্যৱহাৰ কৰিবলৈ মাইক্ৰ’ ব্লগিং প্লেটফৰ্ম X (পুৰণি নাম টুইটাৰ) লৈ যাবলগীয়া হৈছিল ।

Grok AI এপ মুকলি

ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ বৃহৎ ভাষাৰ মডেল বা এআই এপসমূহৰ নিজা এপ আছে । উদাহৰণস্বৰূপে ChatGPT, CoPilot, Google Gemini আদি ৷ এই সকলোবোৰ কৃত্ৰিম বুদ্ধিমত্তা এপ iOS আৰু Android দুয়োটা অপাৰেটিং চিষ্টেমতে উপলব্ধ, কিন্তু ইলন মাস্কৰ AI এপ কেৱল তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X তহে উপলব্ধ আছিল ।

এতিয়া Grok AI এপটোক এটা সুকীয়া এপলৈ ৰূপান্তৰিত কৰা হৈছে, যিটো বৰ্তমান iOS ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ । ব্যৱহাৰকাৰীয়ে এই এপটো ফোনত ডাউনলোড কৰি আন যিকোনো AI এপৰ জৰিয়তে ব্যৱহাৰ কৰিব পাৰিব আৰু তাৰ বাবে তেওঁলোকে X লৈ যোৱাৰ প্ৰয়োজন নহ’ব । অৱশ্যে এই এপটো বৰ্তমান এণ্ড্ৰইড সংস্কৰণৰ বাবে উপলব্ধ নহয় যদিও অতি সোনকালে এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে এই এপটো উপলব্ধ হোৱাৰ সম্ভাৱনা আছে ।

Grok AI App ৰ মূল আকৰ্ষণ

  • আইফোন ব্যৱহাৰকাৰীয়ে Grok AI এপ ডাউনলোড কৰিবলৈ X ৰ কোনো ধৰণৰ চাবস্ক্ৰিপচনৰ প্ৰয়োজন নাই ।
  • এই এপটো এতিয়ালৈকে কেৱল iOS ডিভাইচৰ বাবেহে উপলব্ধ ।
  • ব্যৱহাৰকাৰীয়ে এপল এপ ষ্ট’ৰৰ পৰা এই এপটো ডাউনলোড কৰিব পাৰিব ।
  • তাৰ পিছত ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ইমেইল ঠিকনা, এপল একাউণ্ট বা অন্য যিকোনো সমৰ্থিত প্লেটফৰ্ম ব্যৱহাৰ কৰি AI এপত লগইন কৰিব পাৰিব ।
  • এই এপটো যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ আৰু ছবি সৃষ্টি কৰিবলৈ সহায়ক হ’ব ।
  • এপটোত এটা চাবস্ক্ৰিপচন প্লেনও আছে, যিটো ক্ৰয় কৰাৰ পিছত ব্যৱহাৰকাৰীক উন্নত বৈশিষ্ট্য প্ৰদান কৰিব।

2023 চনত আৰম্ভ কৰা হৈছিল

ইলন মাস্কে 2023 চনৰ নৱেম্বৰ মাহত তেওঁৰ এআই প্লেটফৰ্ম গ্ৰক এআই মুকলি কৰিছিল, যিটো এক্স (টুইটাৰ)ৰ সৈতে সংযুক্ত আছিল আৰু একেটা প্লেটফৰ্মতে উপলব্ধ আছিল । প্ৰথম অৱস্থাত গ্ৰক কেৱল X ৰ পেইড গ্ৰাহকৰ বাবেহে উপলব্ধ আছিল যদিও 2024 চনৰ ডিচেম্বৰৰ পৰা ইয়াৰ বিনামূলীয়া সংস্কৰণো মুকলি কৰা হয় । তেতিয়াৰ পৰাই ব্যৱহাৰকাৰীয়ে এলান মাস্কৰ এআই এপটো দৈনিক প্ৰথম 10 বাৰ বিনামূলীয়াকৈ ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে যদিও তাৰ পিছত ইয়াক ব্যৱহাৰ কৰিবলৈ পেইড চাবস্ক্ৰিপচন কিনিবলগীয়া হয় ।

লগতে পঢ়ক: ‘X ত হেচটেগ ব্যৱহাৰ নকৰিব’- ব্যৱহাৰকাৰীলৈ আহ্বান ইলন মাস্কৰ

আপোনাৰ ব্লক লিষ্টত থকাজনেও এতিয়াৰে পৰা চাব পাৰিব আপোনাৰ X পোষ্ট !

ধনাঢ্যৰ যুদ্ধ; স্পেকট্ৰাম নিলামৰ দাবীক অভূতপূৰ্ব আখ্যা ইলন মাস্কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.