Bihu dance workshop: ৰহাত অংকুৰ জ্যোতি বিহুৱা দলৰ উদ্যোগত বিহু নাচৰ কৰ্মশালা - Bihu dance workshop
🎬 Watch Now: Feature Video
ৰহা, 24 মাৰ্চ : সমাগত বহাগ অৰ্থাৎ ৰঙালী বিহু ৷ ৰঙালী বিহুৰ দিন চমু চাপি অহাৰ লগে লগে আকাশ বতাহ মুখৰিত কৰি ৰাজ্যৰ চৌদিশে চলিছে বিহু নাচৰ কৰ্মশালা (Bihu dance workshop) । কিয়নো পদুলি মুখত যে হেঁপাহৰ ৰঙালী (Rangali bihu Assam) । বিহুটিক আদৰাৰ প্ৰস্তুতিৰ সমান্তৰালকৈ এতিয়া ৰাজ্যত চলিছে ঢোল বাদন, পেপা বাদনকে ধৰি বিহু নাচৰ প্ৰশিক্ষণ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ৰহাতো দেখিবলৈ পোৱা গৈছে একেই পৰিবেশ (Bihu dance workshop at Raha) ।
ৰহাৰ অংকুৰ জ্যোতি বিহুৱা দলৰ উদ্যোগত ৰহাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ খেলপথাৰত ১৯ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বিহু নাচৰ কৰ্মশালা (Bihu workshop at Raha) । এই কৰ্মশালাত কণ কণ শিশুৰ পৰা আৰম্ভ কৰি প্ৰায় শতাধিক ডেকা গাভৰুৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে । কৰ্মশালাখনিত প্ৰশিক্ষণ প্ৰদান কৰিছে কেইবাগৰাকীও বৰ বিহুৱা ও ঢুলীয়াই ।
লগতে পঢ়ক : Bihu Dance Workshop: নাচনীৰ দুভৰিৰ গিৰিপনিত কঁপিছে কলাক্ষেত্ৰ