World Record with Bihu dance : ফাগুনতে লখিমপুৰত বলিছে ব’হাগৰ বা - ঢোলীয়া নাচনীয়ে আৰম্ভ কৰিছে বিহুৰ আখৰা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 12, 2023, 8:59 PM IST

লখিমপুৰ, ১২ মাৰ্চ : ৰাজ্যত এইবাৰ ফাগুনতে বলিছে ব’হাগৰ বা ৷ কিয়নো বিহু নাচেৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য লৈছে অসম চৰকাৰে (Guinness World Record for largest Bihu performs) । 14 এপ্ৰিলত হ’ব বিহুনাচৰ বিশ্ব অভিলেখ । এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । আমন্ত্ৰণ জনোৱা হ’ব প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক ।

যাক লৈ এতিয়া ব্যস্ততা বাঢ়িছে ৰাজ্যৰ নাচনী-ঢুলীয়াৰ ৷ বাদ পৰি ৰোৱা নাই লখিমপুৰ নগৰো ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ ঢুলীয়াৰ ঢোলৰ চেও, নাচনীৰ ধূলি উৰোৱা নাচোন, জাত জাত বিহু গীতৰ মাতত মুখৰিত হৈ পৰিছে লখিমপুৰ নগৰৰ আকাশ বতাহ (Bihu dance practices in Lakhimpur)৷

উল্লেখ্য যে, ১৪ এপ্ৰিলত গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া বিহু নাচ উপলক্ষে ব্যাপক তৎপৰতা বৃদ্ধি পাইছে লখিমপুৰ জিলা প্ৰশাসনৰ (Bohag Bihu 2023)। গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ১০ হাজাৰ বিহুৱা-বিহুৱতীৰ দ্বাৰা প্ৰদৰ্শিত হ’ব লগা বৃহৎ বিহু নাচ অনুষ্ঠানত লখিমপুৰ জিলাৰো সাত শ বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিব ।

যাৰ বাবে লখিমপুৰ জিলাৰ চাৰিটা সমষ্টিৰ বিভিন্ন স্থান ক্ৰমে লখিমপুৰ ত্যাগ ক্ষেত্ৰ, নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, ঢকুৱাখনা ফাটবিহুস্থলী আৰু নাৰায়ণপুৰৰ মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলিছে এতিয়া বিহুৰ আখৰা ।

লগতে পঢ়ক : World Record with Bihu dance: সৰুসজাইত ১১১৪০ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ; দৰ্শক হ’ব প্ৰধানমন্ত্ৰী মোদী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.