বিহপুৰীয়াৰ দৰিদ্ৰ পৰিয়ালৰ যুৱকক আৰক্ষীত নিযুক্তি - Police recruitment result declared

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 18, 2022, 2:33 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

আৰক্ষী নিযুক্তিৰ ফলাফল ঘোষনাৰ(Police recruitment result declared) পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৈছে আনন্দৰ বন্যা । ৰাজ্যৰ বহু দৰিদ্ৰ যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱাত সম্প্ৰতি আনন্দৰ বন্যা বৈছে তেওঁলোকৰ গৃহত । স্বচ্ছ আৰু নিকা নিযুক্তিৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনাইছে নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱা প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিহপুৰীয়াৰ ১নং জাপজুপ গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ যুৱক সঞ্জীৱ বৰায়ো কমান্ডো বেটেলিয়নত লাভ কৰিছে নিযুক্তি (Commando Battalion Recruitment of Bihpurias youth)। জাপজুপ গাঁৱৰ ৰাজেন বৰা আৰু ৰূপা বৰাৰ পুত্ৰ সঞ্জীৱৰ এই সাফল্যত সঞ্জীৱৰ পিতৃ- মাতৃৰ লগতে উৎফুলিত হৈ পৰিছে গাঁওবাসী । উল্লেখ্য যে ডেৰ বছৰ ধৰি গাঁওখনতে এখন চেলুন খুলি পৰিয়াল পোহপাল দিছে সঞ্জীৱে । শৰীৰ চৰ্চাৰ লগত জৰিত সঞ্জীৱে ৱাল পেইন্টিং কৰাৰ লগতে এগৰাকী সুদক্ষ ভলীবল খেলুৱৈও ।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.