Irregular power supply at Bihpuria:বিহপুৰীয়া বিদ্যুৎ উপ সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি - উৎকট গৰমে দহিছে ৰাজ্য
🎬 Watch Now: Feature Video
বিহপুৰীয়া, 18 আগষ্ট : বিহপুৰীয়া বিদ্যুৎ উপ সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ একাংশ মহিলাই থকা সৰকা কৰিলে বিদ্যুৎ উপ-সংমণ্ডল বিষয়াক ৷ শুকুৰবাৰে দুপৰীয়া লখিমপুৰ জিলাৰ বিহপুৰীয়া বিদ্যুৎ উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অনিয়মীয়া বিদ্যুৎ যোগানক লৈ একাংশ স্থানীয় পুৰুষ মহিলাই সৃষ্টি কৰে এই উত্তপ্ত পৰিস্থিতিৰ ।
সম্প্ৰতি উৎকট গৰমে দহিছে ৰাজ্য । এই উৎকট গৰমত অনিয়মীয় বিদ্যুৎ যোগানে এতিয়া তীব্ৰ সমস্যাত পেলাইছে ৰাজ্যবাসীক । এই অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত তীব্ৰ সমস্যাত ভূগিছে বিহপুৰীয়াবাসী । বঙালমৰাফিটা অঞ্চলত বিগত তিনি চাৰিদিনে বিদ্যুতৰ অনিয়মীয়া যোগানে ৰাইজক কৰিছে হাৰাশাস্তি ৷ কণ কণ কেঁচুৱা কোঁচত লৈ আজি একাংশ মহিলাই বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ কঠোৰ বাক্য বাণেৰে থকা সৰকা কৰে বিষয়াগৰাকীক ।
লগতে পঢ়ক : Potable drinking water:বিশুদ্ধ খোৱাপানীৰ নামত বৰবিহ খুৱালে নেকি বিহপুৰীয়া পৌৰ সভাই !