Bhogali Bihu 2023: ভোগালীক আদৰিবলৈ উখল-মাখল নগাঁৱৰ বৰপাঠৰী সুঁতাৰগাঁও - Bhogali Bihu preparation in Nagaon
🎬 Watch Now: Feature Video
হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ সাজু হৈছে ৰাজ্য়বাসী (Bhogali Bihu 2023)। উৰুকালৈ মাজত মাথো এটা দিন । সেয়েহে সকলো ব্য়স্ত হৈছে ভেলাঘৰ নিৰ্মাণৰ লগতে পিঠা প্ৰস্তুত কৰাত ।
ৰাজ্যজুৰি ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি দৰে নগাঁৱতো হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ উখল-মাখল পৰিবেশ (Bhogali Bihu preparation in Nagaon)। নগাঁৱৰ বৰপাঠৰী সুঁতাৰগাঁৱৰ জীয়ৰী-বোৱাৰী পিঠা-পনা প্ৰস্তুত কৰাত ব্যস্ত হৈছে ।
ডেকাসকলো ব্যস্ত হৈছে আকৰ্ষণীয় ভেলাঘৰ নিৰ্মাণ কৰাত (Attractive velaghar at Borpathari in Nagaon)। গাঁওখনৰ প্ৰতিঘৰতেই মহিলাসকল বিভিন্ন পিঠা-পনা প্ৰস্তুত কৰাৰ লগতে সমূহীয়া ভাৱেও ইয়াৰ বাবে সাজু হৈছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST