ভোগালীক আদৰিবলৈ সাজু চেপনবাসী

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 10:28 AM IST

thumbnail

ডিব্ৰুগড়,১২ জানুৱাৰী: হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন । অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই অসমীয়া চহা ৰাইজৰ মাজত । আঘোণৰ সোণালী ধানৰ থোক ভঁৰালত সোমোৱাৰ পাছতে ভোগৰ উৎসৱ ভোগালীক আদৰাৰ বাবে সাঁজু হৈছে প্ৰতিজন অসমীয়া । ৰাজ্যৰ চৌপাশে ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি তুংগত । ৰাজ্যত এতিয়া বিভিন্ন ৰূপত ভেলাঘৰ নিৰ্মাণ কৰাৰ অঘোষিত প্ৰতিযোগিতা চলি থকা সময়ত মৰাণৰ চেপন টিফুকত ব্যতিক্ৰমী ৰূপত ৰাইজে ভোগালী বিহু উদযাপনৰ চলাইছে প্ৰস্তুতি ।  

ভেলাঘৰৰ অঘোষিত প্ৰতিযোগিতাৰ মাজতে চেপনৰ টিফুকত ১০০ ফুট ওখ মেজি নিৰ্মাণ কৰিলে ৰাইজে । মাঘ বিহুৰ ঐতিহাসিক পৰম্পৰা জীয়াই ৰাখিবৰ বাবেই অঞ্চলটোৰ ৰাইজে সমূহীয়াকৈ বিহু উদযাপন কৰিবলৈ এইদৰে নিৰ্মাণ কৰিছে ১০০ ফুট ওখ মেজি । ইয়াৰ সমান্তৰালভাৱে টিংখাঙৰ চহৰীকটা উজনি চুবুৰীত এইবাৰ আকৰ্ষণীয় ৰূপত ভেলাঘৰ সজাইছে স্থানীয় ৰাইজে । ভেলাঘৰৰ কাষতে বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰা চন্দ্ৰযান-৩ আকৃতিৰ অস্থায়ী তোৰণে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ।  

ভেলাঘৰৰ কাষতে গাঁৱৰ ডেকাসকলে নিৰ্মাণ কৰিছে মেজি । ইফালে ভেলাঘৰৰ বাকৰিত জীয়ৰী-বোৱাৰীসকলে একত্ৰিত হৈ বনাই পিঠা-পনা, জা-জলপান । উৰুকাৰ নিশা হাঁহে-মাহে, লগে ভাগে এসাঁজ খোৱাৰ লগতে পিছদিনা পুৱাই মেজি জ্বলাব গাঁওবাসীয়ে । 

লগতে পঢ়ক: গুৱাহাটীৰ বিপণন ক্ষেত্ৰতো ভোগালী মেলাৰ আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.