টীয়কৰ বৰাগাঁৱতো ৰাইজ ব্যস্ত ভেলাঘৰ নিৰ্মাণত - টীয়কত ভেলাঘৰ নিৰ্মাণ
🎬 Watch Now: Feature Video


Published : Jan 11, 2024, 4:35 PM IST
টীয়ক, 11 জানুৱাৰী : অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ দুটা দিন বাকী ৷ ৰাজ্যজুৰি ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ৷ টীয়কৰ জাঁজী বৰাগাঁওবাসীৰ মাজতো বিহুৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ৷ জাঁজী বৰাগাঁৱৰ ৰাইজে এইবাৰ ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ কৰিছে ৷ হেৰাই যাবলৈ ধৰা চহা গ্ৰাম্য জীৱনৰ পৰিৱেশটোক ভেলাঘৰৰ জৰিয়তে উপস্থানৰ চেষ্টা কৰিছে গাঁওবাসীয়ে ৷ ‘‘পূবে ভঁৰাল পশ্চিমে গঢ়াল উত্তৰে চৰু দক্ষিণে গৰু’’ বুলি অসমীয়া সমাজত প্ৰচলিত প্ৰৱচনৰ ভিত্তিতে চোতালত গৰুৰে মৰণা মৰা, এখন জুহাল, গোহালীৰ পৰিৱেশ উপস্থাপনত ব্যস্ত গাঁৱৰ জীয়াৰী-বোৱাৰী, ডেকা-গাভৰু ৷
আনহাতে, উৰুকাৰ নিশা হাঁহে মাহে এসাঁজ খোৱা আৰু বিহুৰ পুৱা মেজি জ্বলাই জলপান, পিঠাপনা খোৱাৰ বাবে ৰাইজ সাজু হৈছে ৷ ইফালে ভেলাঘৰ নিৰ্মাণস্থলীত আজি বিহুনামেৰে মুখৰিত হৈ পৰে ৷
লগতে পঢ়ক : কাব্যঋষি নীলমণি ফুকনৰ নামত যোৰহাটত এখন পাৰ্ক নামকৰণ