thumbnail

By

Published : Jan 9, 2023, 8:10 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Bhogali bihu preparation in Dhemaji: প্ৰাক্‌ ভোগালীৰ আনন্দত মতলীয়া জামুগুৰিবাসী

সন্মুখত অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি (Bhogali bihu preparation in Assam) ৷ ভোগালী বিহুলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাতে দেওবাৰে ধেমাজি জিলাৰ মৰিধলৰ ২নং জামুগুৰিবাসীয়ে পালন কৰিলে প্ৰাক্‌ ভোগালী উৎসৱ (Bhogali bihu preparation in Dhemaji) ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু ২নং জামুগুৰিবাসীৰ সহযোগত ২নং জামুগুৰিৰ বিশাল পথাৰত দ্বিতীয় বাৰ্ষিক মাঘী উৎসৱৰ আদৰণি অনুষ্ঠানটো অনুষ্ঠিত কৰা হয় (Pre Bhogali Utsav at Dhemaji) ৷ পুৱা ১০ বজাত পতাকা উত্তোলন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ চুতীয়াই আৰু স্মৃতি তৰ্পন কৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক ত্ৰৈলোক্য তামুলীয়ে ৷ ইয়াৰ পাছতে ৰাইজৰ মাজত পৰম্পৰাগত টেকেলী ভঙা ,চকী খেল আদি বিভিন্ন খেল ধেমালিৰ অনুষ্ঠিত কৰা হয় ৷ বিয়লি ৩ বজাত মুকলি সভা আৰু সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰে মাঘী উৎসৱৰ আদৰণি অনুষ্ঠানৰ ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.