thumbnail

Bhaona Performed by Children: কলিয়াবৰত কণ কণ শিশুসকলৰ 'শ‍্যামন্ত হৰণ' নাট মঞ্চস্থ

By

Published : Aug 21, 2023, 7:36 PM IST

কলিয়াবৰ, 21 আগষ্ট : এয়া পবিত্ৰ ভাদ মাহ ৷ নৱ প্ৰজন্মই গুৰু দুজনাৰ সৃষ্টিৰাজিক যাতে আঁকোৱালি লয় তাৰেই উদ্দেশ্যেৰে কলিয়াবৰৰ ইতিহাস প্ৰসিদ্ধ চামধৰা গাঁৱৰ ৰাইজে গাঁৱৰ ডেকাখেল নামঘৰত কণ কণ শিশুসকলৰ দ্বাৰা গায়ন-বায়নৰ লগতে 'শ‍্যামন্ত হৰণ' অংকীয়া নাট মঞ্চস্থ কৰায় । 

গাঁওখনৰে সাংস্কৃতি কৰ্মী গজেন শৰ্মাই ৰাইজৰ সহযোগত বিগত এমাহৰো অধিক সময় কণ-কণ শিশু সকলক গায়ন-বায়ন আৰু ভাওনাৰ প্ৰশিক্ষণ প্ৰদান কৰি নামঘৰত শিশুসকলৰ দ্বাৰা গায়ন-বায়ন আৰু অংকীয়া ভাওনা প্ৰদৰ্শন কৰে। পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসনৰ ফলত আজিৰ প্ৰজন্মই আমাৰ থলুৱা সংস্কৃতি বিশেষকৈ গুৰু দুজনাৰ সৃষ্টিৰাজিক পাহৰি যোৱাৰ উপক্ৰম ঘটিছে বুলি বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে চামধৰা গাঁৱৰ ৰাইজৰ এনে পদক্ষেপক আদৰণি জনাইছে সকলোৱে । 

কণ-কণ শিশুসকলে সাৱলীলভাৱে খোল-তাল লৈ গায়ন-বায়ন প্ৰদৰ্শন কৰাৰ লগতে 'শ‍্যামন্ত হৰণ' নাটখনিত সুন্দৰ অভিনয়ৰে ৰাইজক আপ্লুত কৰে। প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে মঞ্চস্থ কৰে 'শ‍্যমন্ত হৰণ' নামৰ অংকীয়া নাটখনি ৷

লগতে পঢ়ক: Dhemaji college girl missing: ধেমাজিত কলেজীয়া ছাত্ৰী সন্ধানহীন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.