Bhaona at Kaliabor:কলিয়াবৰত সীতা হৰণ বালী বধ ভাওনা প্ৰদৰ্শন - Birinchi Kumar Baruah College
🎬 Watch Now: Feature Video
কলিয়াবৰ, ৮ মাৰ্চ: শ্ৰীশ্ৰীকৃষ্ণৰ ফল্গুৎসৱ সমগ্ৰ ৰাজ্য়ৰ লগতে নগাঁও জিলাৰ কলিয়াবৰৰ বিভিন্ন স্থানত পালন কৰা হৈছে । অঞ্চলটোৰ বিভিন্ন ঠাইত ভগৱানৰ ওচৰত আশীষ বিচৰাৰ পিছতেই ইজনে সিজনক আলিংগন কৰি ফাকুৱাৰ শুভকামনা জ্ঞাপন কৰিছে । কলিয়াবৰৰ চৌদিশে কেৱল ৰঙীন পৰিৱেশ (Holi in Kaliabor)।
শ্ৰীশ্ৰীকৃষ্ণৰ ফল্গুৎসৱ কলিয়াবৰ জিলা সত্ৰ মহাসভা আৰু সমন্বিত যুৱতীৰ্থ, কলিয়াবৰৰ যুটীয়া উদ্যোগত মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে কুঁৱৰীটোলৰ শ্ৰীশ্ৰীবগাজন সত্ৰৰ নামঘৰত অনুষ্ঠিত হয় (Bhaona in Sri Sri Bagajan Satra)। দিনত পতাকা উত্তোলন আৰু নাম প্ৰসংগৰ পাচতেই সন্ধিয়া সমন্বিত তীৰ্থই কলিয়াবৰৰ দুগৰাকী বিশিষ্ট শিল্পী ক্ৰমে জমখলাৰ গোলাপ শইকীয়া আৰু কুঁৱৰীটোলৰ সৎৰাম বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে ।
আনহাতে, যুৱতীৰ্থৰ বাৰ্ষিক পত্ৰিকা 'আবিৰ-চন্দন'ৰ দশম সংখ্যাটো উন্মোচন কৰে পুৰণিগুদামৰ ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ নৃপেন চন্দ্ৰ দাসে (Birinchi Kumar Baruah College)। নিশালৈ সমন্বিত যুৱতীৰ্থৰ সদস্যসকলে 'সীতা হৰণ বালী বধ' ভাওনা পৰিৱেশন কৰে (Sita Haran Bali Vadh Bhaona)। এই ভাওনাখন সহস্ৰাধিক দৰ্শকে উপভোগ কৰে ।