thumbnail

By

Published : Feb 2, 2023, 8:15 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

Tense situation at Barnagar College: উদণ্ড যুৱকৰ আক্ৰমণত আহত বৰনগৰ মহাবিদ্যালয়ৰ কেইবাজনো ছাত্ৰ

বৰপেটাৰোড, 2 ফেব্ৰুৱাৰী: সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত বুধবাৰে নিশা সংঘটিত হয় এক অঘটন (Barnagar College Sorbhog) ৷ উদণ্ড যুৱকৰ আক্ৰমণত আহত হৈছে মহাবিদ্যালয়খনৰ কেইবাজনো ছাত্ৰ ৷ ইফালে গুৰুতৰভাৱে আহত হৈছে আন এজন ছাত্ৰ ৷ আহত ছাত্ৰজন মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ লঘু ক্ৰীড়া বিভাগৰ সম্পাদক গুঞ্জন দাস বুলি জানিব পৰা গৈছে ৷ আহত গুঞ্জন দাসক নিশাই বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গুঞ্জন দাস ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বৰনগৰ মহাবিদ্যালয়ত অনুষ্ঠিত মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি বুধবাৰে নিশা অনুষ্ঠিত হৈছিল সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান (Barnagar College Function) ৷ সাংস্কৃতিক সন্ধিয়াৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি অনা হৈছিল কেইবাগৰাকী শিল্পীক ৷ অনুষ্ঠানত উপস্থিত হৈ শিল্পীসকলে গীত পৰিৱেশন কৰে ৷ ইফালে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল একত্ৰিত হৈ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ লগতে একে লগে নাচি বাগি আনন্দত মতলিয়া হোৱা দেখা যায় ৷ এইখিনিলৈকে সকলো ঠিকেই আছিল ৷  

কিন্তু সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ কিছু সময় পিছতে মহাবিদ্যালয়খনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Tense situation at Barnagar College) ৷ মহাবিদ্যালয়ৰ একাংশ ছাত্ৰই জনোৱা মতে, সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতেই হঠাৎ এটা 50 জনীয়া উদণ্ড যুৱকৰ দল প্ৰৱেশ কৰে মহাবিদ্যালয়খনত ৷ 50 জনীয়া যুৱকৰ দলৰ মাজত এজনো মহাবিদ্যালয়ৰ ছাত্ৰ নাছিল ৷ অৰ্থাৎ সকলো যুৱক আছিল বাহিৰৰ ৷ ইফালে যুৱককেইজনৰ হাতে হাতে আছিল লাঠি ৷

মহাবিদ্যালয়ত প্ৰৱেশ কৰি এফালৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰক প্ৰহাৰ কৰে 50 জনীয়া দলটোৱে (Barnagar College incident) ৷ দলটোৰ আক্ৰমণত আহত হয় মহাবিদ্যালয়ৰ কেইবাজনো যুৱক ৷ ইয়াৰ মাজতে এজন যুৱক গুৰুতৰভাৱে আহত হয় ৷ আহত হয় মহাবিদ্যালয়ৰ লঘু ক্ৰীড়া বিভাগৰ সম্পাদক গুঞ্জন দাস নামৰ এজন ছাত্ৰ ৷ ছাত্ৰজনক ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷  

উল্লেখ্য যে কি কাৰণে 50জনীয়া যুৱকৰ দলটোৱে মহাবিদ্যালয়ৰ ছাত্ৰকেইজনক আক্ৰমণ কৰিলে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ এই ঘটনাৰ পিচতে মহাবিদ্যালয়ৰ ছাত্ৰসকলে সৰভোগ থানাত উপস্থিত হৈ দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷ এতিয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব সকলো কথা ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.