মৰিগাঁৱৰ তেতেলীয়াত আজিৰ পৰা আৰম্ভ তিৱা জনগোষ্ঠীৰ বৰত মহোৎসৱ

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 2:27 PM IST

Updated : Dec 26, 2023, 2:44 PM IST

thumbnail

মৰিগাঁও, 26 ডিচেম্বৰ : শৰৎ কালৰ পূৰ্ণিমা ৰাতি মৰিগাঁৱৰ সমীপৱৰ্তী প্ৰাচীন তিৱা ৰাজ্যৰ তেতেলীয়া পাহাৰৰ দাঁতিত তেতেলীয়াৰ প্ৰতীকি ৰজা মনিৰাম দেউৰজাৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে তিৱা জনগোষ্ঠীৰ বৰত মহোৎসৱ ৷ দুদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা আৰম্ভ হোৱা বৰত মহোৎসৱক লৈ উখল-মাখল পৰিৱেশ তেতেলীয়াত ৷ পূজা-নাম প্ৰসংগৰ সৈতে ৰজিতা খোৱাকৈ তিৱাসকলৰ গদালপৰীয়া গীত তথা বৰতৰ গীতেৰে জীপাল হৈ পৰিল তেতেলীয়াৰ বৰতৰস্থলী ৷  

উল্লেখ্য যে, তিৱা জনগোষ্ঠীৰ লোকে পাঁচ বছৰৰ মূৰে মূৰে হে পৰম্পৰাগত বৰত উৎসৱ আয়োজন কৰে ৷ য’ত প্ৰাণ পাই উঠে অসমৰ ভূমিপুত্ৰ তিৱা জনগোষ্ঠীৰ কৌটিকলীয়া পৰম্পৰাগত কৃষ্টি-সংস্কৃতি ৷ আনহাতে, বৰত মহোৎসৱৰ দ্বিতীয় দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি জানিবলৈ দিছে উদ্যোক্তাই ৷
লগতে পঢ়ক : সুশাসন দিৱস, বিশেষভাৱে সক্ষম লোকৰ কাষত থিয় দিলে মৰিগাঁও বিজেপি

Last Updated : Dec 26, 2023, 2:44 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.