Assam animal to Ambani Zoo : চৰকাৰক গৰিহণা প্ৰাক্তন বনমন্ত্ৰী এতোৱা মুণ্ডাৰ - Shifting of animals from Assam to Ambani zoo
🎬 Watch Now: Feature Video
গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানি গ্ৰুপৰ ব্যক্তিগত চিৰিয়াখানালৈ জীৱ-জন্তু প্ৰেৰণ কৰা সন্দৰ্ভত বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে (Assam animal to Ambani Zoo)। গুৱাহাটীত চিৰিয়াখানা সুৰক্ষা মঞ্চই প্ৰতিবাদ অব্যাহত ৰাখিছে (Protest at Assam State Zoo)। সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বন বিভাগ তথা অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ হোৱা দেখা গৈছে । এইবাৰ সমগ্ৰ বিষয়টোক লৈ মুখ খুলিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বনমন্ত্ৰী এতোৱা মুণ্ডাই । এতোৱা মুণ্ডাই অভিযোগ কৰা মতে অসমৰ দল-সংগঠনৰ প্ৰতিবাদকো নেওচি বাহিৰাগত বণিক গোষ্ঠীক ৰঙা দলিচা পাৰি অসম চৰকাৰে বণিক গোষ্ঠীৰ ওচৰত আঁঠু লৈছে (Ex forest minister Atuwa Munda slams BJP)। ৰাজ্য চৰকাৰখন গণতন্ত্ৰ বিৰোধী, অসম বিৰোধী কাম কাজত নামি পৰিছে বুলি অভিযোগ কৰে নেতাগৰাকীয়ে । বৰ্তমানৰ বিজেপি চৰকাৰখনৰ পৰা মানুহতো বাদেই এতিয়া জীৱ-জন্তুৰো নিৰাপত্তা নোহোৱা হৈছে । তেওঁৰ আৰু কয় যে বিজেপিয়ে কেৱল জাত-পাতৰ ৰাজনীতিহে কৰিব জানে !
Last Updated : Feb 3, 2023, 8:35 PM IST