Attempt to molest and murder : চিলাপথাৰত এগৰাকী মহিলাৰ শ্লীলতাহানি-হত্যাৰ চেষ্টা ৫৫ বছৰীয়া ব্যক্তিৰ - চিলাপথাৰৰ কুলি বজাৰত সংঘটিত হৈছে এক জঘন্যকাণ্ড

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 21, 2023, 3:42 PM IST

জোনাই, ২১ আগষ্ট : ধেমাজি জিলাৰ চিলাপথাৰৰ কুলি বজাৰত সংঘটিত হৈছে এক জঘন্য কাণ্ড ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী মহিলাৰ শ্লীলতাহানিৰ চেষ্টা কৰে এটা অভিযুক্তই ৷ অৱশ্যে কোনোমতে অভিযুক্তটোৰ পৰা হাত সাৰি পলাই যাবলৈ সক্ষম হয় ভুক্তভোগী মহিলাগৰাকী ৷ এই অসৎ চৰিত্ৰৰ অভিযুক্তটোৰ নাম মদন সৰকাৰ বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে নিশা প্ৰায় ১১:৩০ বজাত নিজ বাসগৃত শুই আছিল ভুক্তভোগী মহিলাগৰাকী ৷ দুৰ্ভাগ্য ক্ৰমে উক্ত দিনা ঘৰত নাছিল ভুক্তভোগী মহিলাগৰাকীৰ স্বামী ৷ নিশাৰ আন্ধাৰৰ সুযোগ লৈ অভিযুক্ত ৫৫ বছৰীয়া মদন সৰকাৰে বাঁহৰ খটখটিৰে ঘৰত প্ৰৱেশ কৰি ভুক্তভোগী মহিলাগৰাকীৰ শ্লীলতাহানিৰ চেষ্টা কৰে ৷ কিন্তু মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত তেওঁক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে অভিযুক্ত মদন সৰকাৰে ৷

অভিযুক্ত মদন সৰকাৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় ভুক্তভোগী মহিলাগৰাকী ৷ এই ঘটনাক কেন্দ্ৰ কৰি চিলাপথাৰত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিৱেশৰ ৷ উক্ত ঘটনা সংক্ৰান্তত ইতিমধ্যেই ডিমৌ আৰক্ষী চকীত ভুক্তভোগীয়ে মহিলাগৰাকীয়ে দাখিল কৰিছে এক গোচৰ ।

এই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে অভিযুক্ত মদন সৰকাৰক কৰায়ত্ত কৰি তদন্ত অব্যাহত ৰাখিছে । লগতে দোষীক কঠোৰ শাস্তিৰ বিহাৰ দাবী জনাইছে মহিলা সমিতিৰ লগতে স্থানীয় ৰাইজেও ।

লগতে পঢ়ক : Jamugurihat murder case: মাকৰ ঘৰতে পত্নীক হত্যা স্বামীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.