Assamese film Raghav: জামুগুৰিহাটত ৰাঘৱৰ প্ৰচাৰ অভিযান

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 1:28 PM IST

thumbnail

চতিয়া, 17 অক্টোবৰ: অহা 17 অক্টোবৰত ৰাজ্যৰ ছবিগৃহলৈ আহিব জনপ্ৰিয় অভিনেতা যতীন বৰাৰ বহু প্ৰত্যাশিত ছবি ‘ৰাঘৱ’ ৷ ছবিখনৰ প্ৰচাৰৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছে ‘ৰাঘৱ’ৰ সৈতে জড়িত কলা-কুশলীসকল ৷ একেদৰে মঙলবাৰে জামুগুৰিহাটৰ ইটাখোলাস্থিত শ্ৰীমন্ত শংকৰদেৱ ভৱনত উপস্থিত হয় অভিনেতা যতীন বৰা, অভিনেত্ৰী নৱনীতা বৰা, চুমী বৰাসহ ৰাঘৱৰ একাংশ কলা-কুশলী ৷ 

27 অক্টোবৰত মুক্তি পাব লগা ছবিখনৰ বিষয়ে বহু অভিজ্ঞতা ব্যক্ত কৰিলে যতীন বৰাই ৷ দীৰ্ঘদিনৰ এক পৰিকল্পনা বুলি উল্লেখ কৰাৰ লগতে ৰাইজে বিচৰা ধৰণে, পৰিয়ালৰ সকলোৱে উপভোগ কৰিব পৰা এখন ছবি বুলি প্ৰচাৰ অনুষ্ঠানটোত উল্লেখ কৰে অভিনেতাগৰাকীয়ে ৷ সেয়েহে সকলোকে ছবিখন উপভোগ কৰিবলৈ ছবিগৃহলৈ যাবলৈ আহ্বান জনায় অভিনেতা যতীন বৰাই ৷ 

লগতে পঢ়ক: Assamese film Dadagiri: নতুন অসমীয়া ছবি দাদাগিৰী, কোন কোন থাকিব অভিনয়ত ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.