TMC Press meet: মণিপুৰৰ ঘটনাক লৈ বিজেপি চৰকাৰে ৰাজনীতি কৰিছে; তৃণমূল মহিলা কংগ্ৰেছ - BJP ON MANIPUR INCIDENT

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 23, 2023, 6:48 PM IST

গুৱাহাটী, 23 জুলাই : মণিপুৰত মানৱ সমাজক লজ্জানত কৰা নাৰী নিৰ্যাতনৰ ঘটনা আৰু এই সন্দৰ্ভত বিজেপি চৰকাৰৰ বক্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল মহিলা কংগ্ৰেছ ৷ দেওবাৰে জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত কামৰূপ মহানগৰ জিলা তৃণমূল মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁইয়ে চৰকাৰক কটাক্ষ কৰি কয়, "মণিপুৰত আমাৰ দুগৰাকী ভগ্নীৰ ওপৰত চলা নিৰ্যাতনৰ ঘটনাত মৰ্মাহত হৈ পৰিছো ৷ বেটী বচাও বেটী পঢ়াও শ্লোগান দিয়া বিজেপিৰ দিনত মাটি, ভেটিৰ কি অৱস্থা হৈছে আমি সকলোৱেই দেখিছো ৷ আনহাতে মণিপুৰৰ উক্ত ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীকে ধৰি বিজেপিৰ নেতা-কৰ্মীসকলে যি মন্তব্য দি আহিছে সি আমাক ক্ষুব্ধ কৰি তুলিছে ৷ 77 দিনৰ নীৰৱতাৰ অন্তত নৰেন্দ্ৰ মোদীয়ে মণিপুৰ সন্দৰ্ভত প্ৰথমটো মন্তব্যৰ সময়ত ৰাজস্থান, ছট্টিশগড়ৰ কথা কৈ মণিপুৰৰ ঘটনাক যেন ন্যায্যতা দিবহে খুজিলে ৷" 

লগতে সংবাদমেলখনত উল্লেখ কৰে যে, একেই পদক্ষেপ ল'লে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীয়ে ৰাজস্থান, পশ্চিমবংগতো এনে ঘটনা ঘটিছে বুলি কৈ মণিপুৰৰ ঘটনাৰ পৰা মূৰ পোলোকা মাৰিব খুজিছে ৷ বিজেপি চৰকাৰৰ এই আচৰিত স্থিতিয়ে এই ধৰণৰ ঘটনাক উৎসাহিত কৰাৰ সম্ভাৱনাহে বৃদ্ধি কৰিব ৷ ইয়াৰ জৰিয়তে বিজেপি চৰকাৰে ৰাজনীতিহে কৰিব বিচাৰিছে ৷ কিন্তু তেওঁলোকেই ওলোটাই বিৰোধীক কৈ আছে, মণিপুৰৰ ঘটনাক লৈ ৰাজনীতি কৰিব নালাগে ৷  

আমি মণিপুৰৰ লজ্জাজনক ঘটনাৰ লগত জড়িতক কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছো ৷ ইয়াৰ লগতে বিজেপি চৰকাৰক যিকোনো ধৰণৰ লঘু মন্তব্য দিয়াৰ পৰা আঁতৰি থাকিবলৈ দাবী জনাইছো বুলি সদৰী কৰে ৷ 

লগতে পঢ়ক: Thieves Snatch IPS Cell Phone : গুৱাহাটীত অসুৰক্ষিত খোদ শীৰ্ষ আৰক্ষী বিষয়া!

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.