গণৰাজ্য দিৱসৰ পেৰেডত অসমে স্থান নোপোৱা বিষয়টো বৰ বেছি চিন্তনীয় নহয় : বিমল বড়া - অসমৰ প্ৰতীকপটৰ প্ৰদৰ্শন
🎬 Watch Now: Feature Video
Published : Jan 8, 2024, 4:07 PM IST
মিৰ্জা, 08 জানুৱাৰী : আগন্তুক গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপট প্ৰদৰ্শনক লৈ অনিশ্চয়তা ৷ সোমবাৰে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই । সংবাদ মাধ্যমৰ আগত মন্ত্ৰী বড়াই কয়, ‘‘সকলো ৰাজ্যই প্ৰতি বছৰেই স্থান পোৱাটো সম্ভৱ নহয় ৷ গতিকে এইবাৰ অসমেও স্থান নোপোৱা বিষয়টো বৰ বেছি চিন্তনীয় নহয়’’ ৷
উল্লেখ্য যে, শনিবাৰে দক্ষিণ কামৰূপৰ ছয়গাঁও পান্টানত অনুষ্ঠিত কৰা হয় বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী ৷ এই কাৰ্যসূচীত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া ৷ এই অনুষ্ঠানতে দুয়োগৰাকী মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা ভাৰত বিকাশ সন্দৰ্ভত বহু মন্তব্য কৰে ৷
লগতে পঢ়ক : ন্যায্য প্ৰাপ্তিৰ দাবীত গোলাঘাটত অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ