thumbnail

Assam Sourav Award 2022 : যোৰহাট স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ শশীধৰ ফুকনলৈ 'অসম সৌৰভ বঁটা'

By

Published : Jan 4, 2023, 6:15 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ৰাজ্য চৰকাৰে বুধবাৰে ঘোষণা কৰিলে এইবছৰৰ 'অসম বৈভৱ' (Assam baibhav), 'অসম সৌৰভ'(Assam Sourav) আৰু 'অসম গৌৰৱ' (Assam Gaurav) বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিসকলৰ নাম (Assam civilian award 2022)। এই ঘোষণাৰ পাছতে যোৰহাটত আনন্দমুখৰ পৰিৱেশ । কাৰণ এইবাৰ বিশিষ্ট চিকিৎসক তথা যোৰহাট জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ শশীধৰ ফুকনক ৰাজ্য চৰকাৰৰ অন্যতম শ্ৰেষ্ঠ অসামৰিক সন্মান অসম সৌৰভ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে (Dr Sashidhar Phukan nominated for Assam Sourav award)। এই খবৰ বিয়পি পৰাৰ লগে লগে যোৰহাটবাসী উৎফুল্লিত হৈ পৰিছে । কৰ্মৰ খাতিৰত টীয়কৰ কমাৰখাটোৱাল উপ-স্বাস্থ্য কেন্দ্ৰত উপস্থিত থকাৰ সময়তে এই খবৰ লাভ কৰি আনন্দিত হৈ পৰে চিকিৎসকগৰাকী । এই সন্মানৰ বাবে ৰাজ্য চৰকাৰক তথা অসমৰ ৰাইজক তেওঁ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখ্য যে বিশিষ্ট চিকিৎসকগৰাকী ১৯৬৫ চনত শিৱসাগৰৰ বকটাত জন্ম লাভ কৰিছিল । শিলচৰ মেডিকেল কলেজৰ পৰা এম বি বি এছ পাছ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ই এন টি বিভাগৰ পৰা উত্তীৰ্ণ হৈ নদীদ্বীপ মাজুলীত তেওঁ সুদীৰ্ঘকাল সেৱা আগবঢ়াইছিল । শেহতীয়াকৈ যোৰহাট জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক হিচাপে তেওঁক দায়িত্ব অৰ্পণ কৰা হৈছিল ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.