জোনাইত অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতাৰ সামৰণি - জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়
🎬 Watch Now: Feature Video


Published : Dec 26, 2023, 9:59 PM IST
জোনাই, ২৬ ডিচেম্বৰ: গ্ৰাম্য আৰু নগৰাঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিভাশালীসকলক এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা । ৰাজ্যৰ আন ঠাইৰ লগতে গ্ৰাম্য আৰু চহৰাঞ্চলৰ সুপ্ত সাংস্কৃতিক প্ৰতিভাসমূহ বিকাশৰ উদ্দেশ্যে অঞ্চল বিশেষে অনুষ্ঠিত জোনাই বিধানসভা পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰামৰ সোমবাৰে নিশা সামৰণি পৰে ।
অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জোনাই বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় । জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩২ টা গাঁও পঞ্চায়তৰ জনগোষ্ঠীয় নৃত্য, বিহু, ভূপেন্দ্ৰ সংগীত, বিষ্ণু ৰাভা সংগীত, জ্যোতি সংগীত, ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত তিনি শতাধিকৰো আধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলে ধেমাজি জিলা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰামত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব ।
উল্লেখযোগ্য যে যোৱা ২৩ ডিচেম্বৰত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিধায়ক ভূৱন পেগুৱে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত জিলা আয়ুক্ত তথা সাংস্কৃতিক মহাসংগ্ৰামৰ নডেল বিষয়া সঞ্জীৱ কুমাৰ ফুকন, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য যগেশ্বৰ কুটুম,নৰেশ কুম্বাং, জিলা পৰিষদ অতুল পেগু, মূৰ্কংচেলেক ব্লক উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চন্দ্ৰমা দাস, পূৱ জোনাই বিজেপিৰ সভাপতি আদিত্য বৰুৱা, গণশক্তিৰ অসমৰ সভাপতি মূলাকান্ত পেগু, টাকাম মিচিং পৰিণ কৌবাঙৰ উপদেষ্টা ৰাজকুমাৰ মৰাং উপস্থিত থাকে ৷
লগতে পঢ়ক:আৰক্ষীক কাবাদী শিকাওক : এনকাউণ্টাৰক লৈ বিৰোধী দলপতিৰ DGP লৈ কটাক্ষ ভৰা পৰামৰ্শ