77th Independence Day: নলবাৰীত ৰাষ্ট্ৰীয় পতাকা উৰুৱালে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে - চৰকাৰৰ বিভিন্ন আঁচনি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 15, 2023, 2:32 PM IST

নলবাৰী, ১৫ আগষ্ট: দেশ তথা ৰাজ্যজুৰি উদযাপন কৰা হৈছে ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ ৰাজ্যৰ লগতে নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰী পুলিচ ৰিজাৰ্ভত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস । স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত উপস্থিত থাকি পতাকা উত্তোলন কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে । ইয়াৰ পিচতে মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ।

ভাষণ প্ৰসংগত দেশ তথা ৰাজ্যত বিজেপি চৰকাৰৰ সময়ত হোৱা উন্নয়নৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে চৰকাৰৰ বিভিন্ন আঁচনিৰ কথাও উল্লেখ কৰে মন্ত্ৰী কিষাণে । ইয়াৰ উপৰিও নলবাৰীৰ উন্নয়নৰ বাবে চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ কথাও দোহাৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণে ।

নলবাৰীত আয়োজতিত স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত শ্ৰম মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া, জিলা আয়ুক্ত বৰ্ণালী ডেকা, জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং, জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকল লগতে নলবাৰীৰ বহু ৰাইজ ।

মন্ত্ৰীৰ ভাষণৰ পিচতেই জিলাখনৰ আৰক্ষী বিষয়া, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে কুজ-কাৱাজ কৰে । লগতে ভালেমান সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ।

লগতে পঢ়ক : 77th Independence Day; যোৰহাটবাসীলৈ ডেৰ হাজাৰ কোটি টকাৰ প্ৰকল্প উপহাৰ মন্ত্ৰী অজন্তা নেওগৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.