Assam flood news: ৰঙিয়াৰ চিৰাখুন্দিত বৰলীয়া নৈৰ বানে চলাইছে তাণ্ডৱ - ৰঙিয়া
🎬 Watch Now: Feature Video
ৰঙিয়া, 21 জুন : ৰঙিয়া-চিৰাখুন্দি পথ আৰু ৰঙিয়া-গোৰেশ্বৰ পথৰ কেইবাটাও অংশ বৰলীয়া নৈৰ বানে উটুৱাই নিছে । বন্ধ হৈ পৰিছে প্ৰায় ২০ খন গাঁৱৰ যাতায়ত । কৰবাত যদি একাঠু পানী, আন কৰবাত আকৌ এককাল বান । যাৰ ফলত ব্যাপক সমস্যাত পৰিছে উক্ত অঞ্চলৰ বাসিন্দাসকল ।
ঠায়ে ঠায়ে চিঙি যোৱা অংশৰে নদী সদৃশ পানী বৈ আছে । পথটো বিধ্বস্ত হোৱাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বাবে যাতায়ত ব্যৱস্থা একপ্ৰকাৰ ব্যাহত হৈ পৰিছে । অঞ্চলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ এই ভগ্ন পথ দুয়োটাৰে বিপজ্জনকভাৱে অহা-যোৱা কৰাত ইতিমধ্যে বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছে । তাৰ পিচতো বিপদসংকুল যাতায়ত কৰিবলৈ বাধ্য হৈছে স্থানীয় লোকসকল । বৰ্তমান সময়ত জৰুৰীকালীন কোনো বাহন যাব নোৱাৰে সেইফালেৰে । আনকি ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থাও নাই । মহকুমা প্ৰশাসনে যাতায়তৰ বাবে ব্যৱস্থা কৰি নিদিয়াত ৰঙিয়া মহকুমাৰ মহকুমাধিপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজে ।
লগতে পঢ়ক : Flood in Lakhimpur: পুনৰ বানৰ কবলত লখিমপুৰ; নীপকোৱে এৰি দিলে প্ৰকল্পৰ পানী